Amrit Prabha Mahant কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে দেহৰক্ষী বিচাৰিলে অমৃতপ্ৰভা মহন্তই

কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে দেহৰক্ষী বিচাৰিলে অমৃতপ্ৰভা মহন্তই Amrit Prabha Mahant

Amrit Prabha Mahant কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে দেহৰক্ষী বিচাৰিলে অমৃতপ্ৰভা মহন্তই

PSO প্ৰদানৰ আবেদন নাকচ ফাষ্ট ট্ৰেক আদালতৰ, নিজৰ সুৰক্ষা নিজে নিশ্চিত কৰিবলৈ নিৰ্দেশ

অমৃতপ্ৰভা মহন্তক দেহৰক্ষী (PSO) প্ৰদানৰ আবেদন নাকচ কৰিলে ফাষ্ট ট্ৰেক আদালতে। কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে অমৃতপ্ৰভা মহন্তৰ নিৰাপত্তাৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ অধিবক্তাই আদালতত দেহৰক্ষী প্ৰদানৰ বাবে আবেদন জনাইছিল।

কিন্তু অধিবক্তাৰ এই আবেদন গ্ৰহণ নকৰিলে আদালতে। নিজৰ সুৰক্ষা নিজে নিশ্চিত কৰিব লাগিব বুলি আদালতে উল্লেখ কৰে।

উল্লেখ্য যে, অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়েও অভিযুক্তগৰাকীয়ে নিজৰ সুৰক্ষা নিজে নিশ্চিত কৰিব লাগিব বুলি ৰায়ত উল্লেখ কৰিছিল।

আনহাতে, গোচৰটোৰ দৈনিক শুনানিৰ সময়ত অমৃতপ্ৰভা মহন্তক আদালতত সো-শৰীৰে উপস্থিত থাকিবলৈও নিৰ্দেশ দিছে ফাষ্ট ট্ৰেক আদালতে। আদালতৰ এই নিৰ্দেশৰ পিছতে গোচৰটোৰ পৰৱৰ্তী শুনানিসমূহত তেওঁৰ উপস্থিতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top