পৰকীয়া প্ৰেমৰ কলা অধ্যায়, ধ্বংস হ'ল মকবুল আলীৰ এখন সুখৰ সংসাৰ। extra love affair

পৰকীয়া প্ৰেমৰ কলা অধ্যায়, ধ্বংস হ’ল মকবুল আলীৰ এখন সুখৰ সংসাৰ। extra love affair

extra love affair । বিলাসীপাৰা বাকুৱাভাঙীত পৰকীয়া প্ৰেমৰ কলা অধ্যায়, ধ্বংস হ’ল মকবুল আলীৰ এখন সুখৰ সংসাৰ।
ঘৰৰ পৰা বিয়া ঘৰ বুলি ওলাই গৈছিল তাৰ পিছত অন্তৰ্ধান, লৰা সন্তান সহ পত্নী নুৰ আছমা।
মানে পলাল। পলাল মানে পলালেই। বিচাৰি কোনো সম্বাদেই পোৱা নাই পত্নী নুৰ আছমা আৰু চাৰে তিনি বছৰীয়া ল’ৰা সন্তান নুৰ নবীৰ।


হয়, হাজাৰিপাৰা বাকুৱাভাঙীত পৰকীয়া প্রেমেই ধ্বংস কৰিলে এখন সুখৰ সংসাৰ ৷
উহঃ আজি কালি হৈছে কি? এফালে যুৱতী সকলে বয়ফ্ৰেণ্ড বিচাৰি হায় হোমনিয়া কাঢ়িছে। আনফালে দিনক দিনে বৃদ্ধি হৈছে বোৱাৰী লাভাৰ।সংবাদ মাধ্যমত বৰ্তমান কেৱল বোৱাৰী প্ৰেম, বোৱাৰী পলায়ন, বোৱাৰী অন্তৰ্ধান।
মাকক কোৱা হয় মমতাময়ী, গৰ্ভধাৰিণী কিন্তু আজিৰ দিনত নিজৰ জন্মদিয়া সন্তানৰ প্ৰতি দৰদ কমি গৈছে একাংশ কুলঙ্গাৰ মাতৃৰ। মা শব্দটোতেই আজিকালি উঠি গৈছে বিশ্বাস। কাৰণ মা এজনীয়ে ধ্বংস কৰিছে নিজৰ লৰা ছোৱালীৰ ভবিষ্যত, লগতে এখন সুখৰ সংসাৰ।


জানিব পৰা মতে বিলাসীপাৰা সম জিলাৰ ফুটকিবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাকুৱাভাঙী গাঁৱৰ মকবুল আলীৰ পত্নী নুৰ আছমা ৰাতিপুৱাই বাঙালিপাৰাত এখন বিয়াত যোৱা বুলি কৈ ওলাই যায়। আবেলি চাৰি বজা লৈকে বিয়া ঘৰত অপেক্ষা কৰি থকা স্বামী মকবুল আলী ঘৰত খবৰ লোৱাত ৰাতিপুৱাই ওলাই যোৱা খবৰ পোৱাত তাৰ পিছৰ পৰাই অন্তৰ্ধান পত্নী নুৰ আছমা ৷ পিছে নুৰ আছমাৰ এই ঘটনা প্ৰথম নহয়। ইয়াৰ আগতেও আৰু দুই এবাৰ গাওঁ বাসী সাৱধান বানী দিছিল বুলি জানিবলৈ দিয়ে। পৰহীৰ পৰা অন্তৰ্ধান হোৱা নুৰ আছমাই ইতিমধ্যে প্ৰেৰণ কৰিছে কিছু ভয়চ মেচেজ। এই ভয়চ মেচেজৰ পৰাই অইন কোনো বেলেগ ব্যক্তিৰ সৈতে পলাই গৈছে বুলি নিশ্চিত হৈছে স্বামী মকবুল আলী তথা অঞ্চলবাসী। যাৰ ফলত দুৰ্ভগীয়া মকবুল আলী চিন্তিত হৈছে লগত লৈ যোৱা চাৰে তিনি বছৰীয়া ল’ৰা সন্তান নুৰ নবীক আৰু ঘৰৰ বাবে জমা কৰা এক বৃহৎ পুজিক লৈ। সেয়ে দুৰ্ভগীয়া মকবুল আলীৰ সৈতে অঞ্চলবাসীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কুলংগাৰ পত্নী নুৰ আছমা বেগমে লৈ যোৱা টকা পইচা আ অলংকাৰ আৰু কনমানি পুত্ৰ নুৰ নবীক উদ্ধাৰৰ বাবে প্ৰশাসনক কাতৰ অনুৰোধ জনাইছে।


এই মূহুৰ্তত দুৰ্ভগীয়া মকবুল আলী আৰু অঞ্চলবাসীৰ ভাষ্য আছে তাক শুনাবলৈ আগবঢ়াইছো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top