বৰপেটা সদৰ থানাত কৰ্তব্যৰত কনিষ্টবল আব্দুল লতিফ আহমেদৰ অবৈধ প্ৰেমৰ কাণ্ড ফাদিল হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, দুই সন্তানৰ পিতৃ আব্দুল লতিফ আহমেদে বহুদিন ধৰি পৰিয়ালৰ অজ্ঞাতে এগৰাকী হিন্দু মহিলাৰ সৈতে গোপনে সম্পৰ্ক ৰাখি আহিছিল।
এই ঘটনাৰ কথা জানিব পাৰি তেওঁৰ পত্নী মাজেদা খাতুনে স্বামী আৰু সংশ্লিষ্ট মহিলাগৰাকীক একে কোঠাত আবদ্ধ কৰি ৰাখে। তাৰ পিছতে তেওঁ আৰক্ষীক এই সন্দৰ্ভত খবৰ দিয়ে।
খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আব্দুল লতিফ আহমেদ আৰু তেওঁৰ লগত থকা মহিলাগৰাকীক উদ্ধাৰ কৰি বৰপেটা সদৰ আৰক্ষী থানালৈ লৈ যায়।
উল্লেখযোগ্য যে, প্ৰায় ছয় মাহ ধৰি কনিষ্টবল হিচাপে কৰ্মৰত আব্দুল লতিফ আহমেদে নিজৰ পৰিয়ালৰ সৈতে নিয়মিত যোগাযোগ নকৰা বুলি অভিযোগ উঠিছে। এই ঘটনাৰ পিছত সমগ্ৰ বিষয়টো লৈ অঞ্চলটোত ব্যাপক চৰ্চা চলিছে।
