কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থীৰ অনুসূচিত জাতিৰ পত্ৰ ভুৱা !Garuva Gogi

কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ SC জাতিপত্ৰক লৈ ভুৱা অভিযোগ, সভাপতি গৌৰৱ গগৈ লৈ অভিযোগ পত্ৰ ।Garuva Gogi

Garuva Gogi । অনুসূচিত জাতি (SC) জাতিপত্ৰ ভুৱা উপায়েৰে লাভ কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ দলৰ কিছুমান সম্ভাৱ্য প্ৰাৰ্থীৰ বিৰুদ্ধে।

এই অভিযোগ উত্থাপন কৰি Assam Pradesh Congress Committee (APCC)ৰ সভাপতি গৌৰৱ গগৈ লৈ এখন লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছে।

কিশোৰ কুমাৰ বৰুৱা, ডিমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আবেদন কাৰি

অভিযোগ পত্ৰখনত উল্লেখ কৰা অনুসাৰে, অসমৰ ভিতৰত এক লাখৰো অধিক ভুৱা অনুসূচিত জাতিৰ জাতিপত্ৰধাৰী ব্যক্তি আছে বুলি অভিযোগ কৰা হৈছে। অভিযোগকাৰীসকলৰ মতে, বহু লোকৰ পিতৃ-পূৰ্বপুৰুষৰ নাম ১৯৫১ চনৰ জাতি গণনা প্ৰতিবেদনতো পোৱা নাযায়।

অভিযোগত আৰু কোৱা হৈছে যে ১৯৫১ চনৰ National Register of Citizens 1951 (NRC) আৰু ১৯৫১ চনৰ জাতি গণনা প্ৰতিবেদন এজন ব্যক্তিৰ প্ৰকৃত জাতিগত পৰিচয় নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নথি। সেয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে SC সংৰক্ষিত আসনত টিকট বিচৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত এই নথিসমূহৰ ভিত্তিত সম্পূৰ্ণ তদন্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে।

কৃষানু বৰুৱা, ডিমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আবেদন কাৰি

ইয়াৰ মাজতে অভিযোগ অনুসৰি কিশোৰ কুমাৰ বৰুৱা আৰু কৃষানু বৰুৱাই ডিমৰীয়া সমষ্টিৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আবেদন কৰিছে বুলি উল্লেখ কৰা হৈছে।

এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিত্যনন্দ দাসে কয় যে যদি ভুৱা SC ব্যক্তিয়ে নিৰ্বাচনত টিকট লাভ কৰে, তেন্তে ই অসমৰ প্ৰায় ৪০ লাখ প্ৰকৃত অনুসূচিত জাতিৰ লোকৰ প্ৰতি অন্যায় হ’ব।

সেয়ে এই বিষয়টোত দলীয় নেতৃত্বই গুৰুত্বসহকাৰে তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱা হৈছে। এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top