নগাঁওৰ “গ্ৰীণ কাজিৰঙা” ধাৱাত আৰক্ষীৰ অভিযান, চাৰিজন গ্ৰেপ্তাৰ ।

নগাঁওৰ “গ্ৰীণ কাজিৰঙা” ধাৱাত আৰক্ষীৰ অভিযান, চাৰিজন গ্ৰেপ্তাৰ ।

বৰপেটাত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎঘাত

নগাঁওৰ “গ্ৰীণ কাজিৰঙা” ধাৱাত আৰক্ষীৰ অভিযান, চাৰিজন গ্ৰেপ্তাৰ

বৰপেটা জিলাত নাৰীদেহ ব্যৱসায়ৰ এটা কথিত ঘাটি উৎঘাত কৰিছে আৰক্ষীয়ে। নগাঁওস্থিত “গ্ৰীণ কাজিৰঙা” নামৰ এখন ধাৱাত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি ধাৱাখনত গোপনে নাৰীদেহ ব্যৱসায় চলি আহিছিল। এই অভিযানত দুগৰাকী যুৱক আৰু দুগৰাকী যুৱতীক আটক কৰি পিছত গ্ৰেপ্তাৰ কৰা হয়। চাৰিজনক অধিক জেৰাৰ বাবে বৰপেটা আৰক্ষী থানালৈ নিয়া হৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ বৰপেটা জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা পুস্কিন জৈন-এ জিলাখনত চলি থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তেখেতৰ নিৰ্দেশত চলা এই বিশেষ অভিযানত “গ্ৰীণ কাজিৰঙা” ধাৱাখনত এই অবৈধ ব্যৱসায় চলি থকাৰ তথ্য পোহৰলৈ আহে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা মতে, ধাৱাখনৰ ব্যৱস্থাপনাৰ সৈতে জড়িত কিছুমান লোকৰ বিৰুদ্ধে সন্দেহ উত্থাপিত হৈছে। অৱশ্যে ধাৱাখনৰ স্বত্বাধিকাৰী বৰ্তমান পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত তৎপৰ অভিযান অব্যাহত ৰাখিছে।

এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে ধাৱাখন স্থায়ীভাৱে বন্ধ কৰাৰ দাবী জনাইছে। অঞ্চলটোত অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবলৈ আৰক্ষীক অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয় লোকে।

ঘটনাটোক লৈ বৰপেটা জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top