লখিমপুৰঃ ৰাজ্যত পুনৰ এবাৰ উন্মোচিত হ’ল দুৰ্নীতিৰ জাল। লখিমপুৰত ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আঞ্চলিক বন বিষয়া শিৱাশিস শাণ্ডিল্যক। দুৰ্নীতি নিবাৰক শাখাই শুকুৰবাৰে তেওঁক ১২ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোতে আটক কৰে।
জানিব পৰা মতে, ডাম্পাৰ মালিক অমৃত গগৈৰ পৰা ধন গ্ৰহণ কৰি থকা অৱস্থাতেই শিৱাশিস শাণ্ডিল্য দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে। গ্ৰেপ্তাৰৰ পিছতে তেওঁৰ লখিমপুৰস্থিত চৰকাৰী আৱাসত অভিযান চলাই আৰক্ষীয়ে আলমিৰা আৰু বিচনাৰ তলৰ পৰা জব্দ কৰে ৫.৬৮ লাখ টকাৰ নগদ ধন।
উল্লেখযোগ্য যে, ২০২০ চনত অসম লোকসেৱা আয়োগৰ অসম বন সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা শিৱাশিস শাণ্ডিল্যই চাকৰিত যোগ দিয়াৰ পিছতেই দুৰ্নীতিৰ জৰিয়তে বিপুল ধন-সম্পত্তি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি, লখিমপুৰত চলা ডাম্পাৰ ব্যৱসায়ৰ সৈতে জড়িত মালিকসকলৰ পৰা নিয়মীয়াকৈ ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰিছিল শাণ্ডিল্যই। প্ৰতিজন ডাম্পাৰ মালিকে দৈনিক ২ হাজাৰ টকাকৈ দিব লাগিছিল বুলি অভিযোগ উত্থাপিত হৈছে। আনকি চালান কটাৰ পিছতো পুনৰ ধন দাবী কৰাৰো অভিযোগ উঠে। ধন নিদিলে পথতে গাড়ী আবদ্ধ কৰি থোৱাৰ দৰে ভয় দেখুওৱা হৈছিল বুলি কয় ভুক্তভোগীসকলে।
ইয়াৰ উপৰি, এখন ডাম্পাৰৰ বাবদ মাহিলী ৪০ হাজাৰ টকা বন সংমণ্ডল বিষয়াক আৰু ৩০ হাজাৰ টকা ৰেঞ্জাৰক দিব লগা হৈছিল বুলিও অভিযোগ প্ৰকাশ পাইছে।
আনহাতে, ইন্দ্ৰজিৎ মৰাং নামৰ এজন ডাম্পাৰ মালিকে সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, বিগত ২৫ বছৰত লখিমপুৰ বন বিভাগলৈ ৩ কোটি টকাৰো অধিক ধন উপঢৌকন হিচাপে প্ৰদান কৰা হৈছে। তেওঁ লগতে এই দুৰ্নীতিৰ জালত DFO-ৰ পৰা আৰম্ভ কৰি অন্যান্য কৰ্মচাৰীলৈকে বহু লোক জড়িত থকাৰো অভিযোগ তোলে।
বৰ্তমান সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই। শিৱাশিস শাণ্ডিল্যৰ গ্ৰেপ্তাৰৰ পিছতে আৰু অধিক চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
