ৰহস্যজনভাৱে আত্মগোপন কৰাৰ পূৰ্বে ভাৱনা শৰ্মাই কি কৈছিল প্ৰেমিক নিহাৰজ্যোতি শৰ্মাক? প্ৰেমিকৰ ভাবুকিত মানসিক চাপত ভাঙি পৰিছিলোঁ: ভাৱনা শৰ্মাৰ অভিযোগ

 ৰহস্যজনভাৱে আত্মগোপন কৰাৰ পূৰ্বে ভাৱনা শৰ্মাই কি কৈছিল প্ৰেমিক নিহাৰজ্যোতি শৰ্মাক? প্ৰেমিকৰ ভাবুকিত মানসিক চাপত ভাঙি পৰিছিলোঁ: ভাৱনা শৰ্মাৰ অভিযোগ

গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাক লৈ অৱশেষে মুখ খুলিলে ভাৱনা শৰ্মাই। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে স্পষ্টীকৰণ আগবঢ়াই ভাৱনাই নিজৰ অৱস্থাৰ বিষয়ে বিস্তাৰিতভাৱে জনায়।

ভিডিঅ’টোত ভাৱনাই স্পষ্টকৈ কয় যে ২৪ এপ্ৰিলত তেওঁ নিজেই ঘৰৰ পৰা ওলাই গৈছিল আৰু এই ঘটনাত কোনো তৃতীয় ব্যক্তিৰ জড়িততা নাছিল। তেওঁ উল্লেখ কৰে যে জালুকবাৰী হৈ পল্টন বজাৰৰ পৰা তেওঁ শ্বিলঙলৈ গৈছিল আৰু তাত এখন হোটেলত নিজেই অকলেই চেক-ইন কৰিছিল। চিচিটিভি ফুটেজতো তেওঁ অকলে থকা স্পষ্ট হোৱা বুলি দাবী কৰে ভাৱনাই।

ঘৰৰ পৰা ওলাই যোৱাৰ পাছত মাকলৈ পঠোৱা “মই বিপদত আছো” ধৰণৰ মেছেজটো সত্য নাছিল বুলিও স্বীকাৰ কৰে তেওঁ। সেই সময়ত তেওঁ গভীৰ মানসিক চাপত আছিল আৰু নিজৰ অৱস্থাৰ বিষয়ে পৰিয়ালক চিন্তিত কৰিব নোখোজা বাবেই তেনে বাৰ্তা প্ৰেৰণ কৰিছিল বুলি কয়।

এই ঘটনাৰ মূল কাৰণ হিচাপে ভাৱনাই তেওঁৰ প্ৰেমিক নিহাৰজ্যোতি শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে দীৰ্ঘদিন ধৰি সম্পৰ্কটোত থাকোঁতে তেওঁ ভয়-ভাবুকি আৰু মানসিক চাপৰ সন্মুখীন হৈ আহিছিল। সম্পৰ্কটো এৰি দিলে ব্যক্তিগত ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ লগতে পৰিয়ালৰ ক্ষতি কৰাৰ ভাবুকি দিয়াৰ অভিযোগো কৰে ভাৱনাই।

এই ধৰণৰ ভয় আৰু চাপৰ ফলতেই তেওঁ মানসিকভাৱে সম্পূৰ্ণ ভাঙি পৰিছিল আৰু এক সময়ত জীৱন শেষ কৰাৰ কথাও ভাবিছিল বুলি উল্লেখ কৰে। কিন্তু পিছত তেওঁ সেই সিদ্ধান্ত সলনি কৰি ঘৰলৈ উভতি অহাৰ সিদ্ধান্ত লয়। শ্বিলঙত এখন মহিলাৰ সহায়ত তেওঁ মাকৰ সৈতে যোগাযোগ কৰে আৰু অসম আৰক্ষীৰ সহায়ত সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহে।

ইতিমধ্যে ভাৱনা শৰ্মাই প্ৰেমিকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে আৰু আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰি আছে বুলি জনায়। এতিয়া তেওঁ নিজৰ মানসিক সুস্থতা আৰু নতুনকৈ জীৱন আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এই ঘটনাই পুনৰ এবাৰ ব্যক্তিগত সম্পৰ্কত মানসিক চাপ, ভয়-ভাবুকি আৰু ব্লেকমেইলিঙৰ দৰে গুৰুতৰ বিষয়সমূহ সমাজৰ আগত উন্মোচিত কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top