নকল সোণৰ মূৰ্তি ৰাখি ধন দাবী কৰা দুষ্টচক্ৰক আৰক্ষীৰ জালত : চাৰিটা নকল সোণৰ মূৰ্তি উদ্বাৰ
গোসাইগাঁও মহকুমাৰ সাপকাটা অঞ্চলত এক চাঞ্চল্যকৰ ঘটনাৰ পোহৰলৈ আহিছে। সোণৰ নকল মূৰ্তি বনাই মানুহৰ ঘৰত ৰাখি ফোনযোগে প্ৰলোভন দেখুৱাই ধন দাবী কৰা এক দুষ্টচক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই দুজনক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি, স্থানীয় ৰাইজৰ সহযোগত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২ নং হাওঁৰিয়াপেট অঞ্চলত অভিযান চলাই আৰক্ষীয়ে ঘৰৰ পৰা কদ্দুছ আলীক আটক কৰে।ইফালে, এই ঘটনাৰ সৈতে সাপকাটাৰ আন এজন জড়িত অভিযুক্ত আৰক্ষীৰ উপস্থিতি উমান পাই ঘৰৰ খিৰিকি ভাঙি পলায়ন কৰে যদিও সক্ৰিয় ভূমিকালৈ ৰকমত আলীকো আটক কৰে।
উল্লেখযোগ্য যে, এই বৃহত দুষ্টচক্ৰটোৱে নকল সোণৰ মূৰ্তি মানুহৰ ঘৰৰ আশে পাশে গোপনে ৰাখি ফোনযোগে বিভিন্ন প্ৰলোভন দিয়ে। ঘৰৰ আশে পাশে দেৱতা বা আল্লাহ থকা বুলি কৈ সাধাৰণ লোকৰ মাজত আতংক সৃষ্টি কৰি বহুদিনৰ পৰা ধন দাবী কৰি আহিছিল ।উক্ত ঘটনাৰ খৱৰ পাই গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰাই উক্ত বিষয়টো গুৰুত্ব সহকাৰে লৈ খাপ পিঠি থাকে । আজি আৰক্ষী কৰা অভিসন্ধি মতে আৰক্ষীৰ জালত পৰে দুজনক কৈ লোক। ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে।
