Girls| Friends: কামনাৰ বলি হৈ চাৰি মহীয়া অন্তঃস্বত্বা যুৱতীয়ে স্থানীয় থানাত তৰিলে গোচৰ। এই পৈচাশিক ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ চৰাঞ্চলত।ভুক্তভোগী যুৱতীগৰাকীয়ে এতিয়া ন্যায় বিছাৰি হাহাকাৰ কৰিবলগীয়াত পৰিছে।প্ৰায় পাচঁ মাহ পুৰ্বে ছুৱাপাতা গাৱঁৰ ছফিয়াৰ ৰহমানে যুৱতী গৰাকীৰ ঘৰলৈ বন্ধু এজনক লগতলৈ আলহী খাবলৈ আহে।তাতেই ছফিয়াৰে যুৱতী গৰাকীক লগত যোৱা বন্ধুজনৰ লগত পৰিচয় কৰাই দিয়ে।

যুৱকজনে নিজৰ পৰিচয় লুকুৱাই মিছা প্ৰলোভনৰে যুৱতী গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। এদিন ঘৰত যুৱতী গৰাকীক অকলে পাই যুৱকজনে বলপুৰ্বকভাবে শাৰিৰীক সম্পৰ্ক কৰে।এইক্ষেত্ৰত ছফিয়াৰে বন্ধুজনক সহযোগ কৰে।যুৱতী গৰাকীৰ ভবিষ্যত সৰ্বনাশ কৰিয়ে দুই বন্ধুৱে যোগাযোগ ৰখা বন্ধ কৰি দিয়ে।ইফালে মুখলজ্জাৰ বাবে নিৰৱে থকা চাৰি মহীয়া অন্তঃস্বত্বা হোৱাত প্ৰেমিক জনক বিছাৰি ব্যৰ্থ প্ৰয়াস কৰে।উপায়ন্তৰহৈ. বিলাসীপাৰা থানাত বন্ধুদ্বয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে ছফিয়াৰ আৰু বন্ধু আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে |
