
চৰকাৰৰ এই উচ্ছেদক সাহসী আৰু বলিষ্ঠ পদক্ষেপ হিচাপে অভিহীত**অসমৰ পৰা সকলো বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ দাবী। উজনি অসমতো হ’ব লাগিব উচ্ছেদ*সাম্প্ৰতিক অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বিদেশী নাগৰিকে অবাধে দখল কৰি থকা বনাঞ্চল সমূহ উচ্ছেদ কৰি থকা বলিষ্ঠ অভিযানক ১৫ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আদৰণি।শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম জাতীয় গণমঞ্চ, টাই আহোম যুৱ পৰিষদ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদকে ধৰি ১৫ সংগঠনৰ।শনিবাৰৰ পৰা ইটা ভাটা, লোহাৰ ডেম্পত মিঞাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব বুলি হুংকাৰ সংবাদমেলত।অসম ভূখণ্ডলৈ হোৱা অবাধ বিদেশীৰ প্রৱজনে অসম তথা অসমীয়া জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে বুলি মন্তব্য। লাখ লাখ বিদেশীয়ে অসমৰ চৰ অঞ্চল আৰু বনাঞ্চল সমূহ অবাধে বে-দখল কৰি ৰাজ্যখনৰ ভৌগলিক পৰিবেশ বিনষ্ট কৰিছে। গতিকে, অসম ভূখণ্ডৰ দীৰ্ঘদিনীয়া বিদেশীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপক এক বলিষ্ঠ আৰু সাহসী পদক্ষেপ বুলি অভিহিত কৰিছে সংগঠনকেইটাই ।এই উচ্ছেদক লৈ কিছুমান ধৰ্মীয় সংগঠন, আৰু জাতীয়তাবাদৰ ফটা ঢোল বজাই কেৱল নিজ স্বাৰ্থৰ বাবে ৰাজনীতি কৰা কিছুমান ধুৰন্ধৰ ৰাজনৈতিক নেতাই ধর্মীয় আবেগ সৃষ্টি কৰি চৰকাৰৰ এনে বলিষ্ঠ পদক্ষেপক বিপথে পৰিচালিত কৰিবলৈ উঠি পৰি লগাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি এনেধৰণৰ জাতিক লৈ প্ৰতাৰণা কৰা ৰাজনৈতিক নেতাক জাতিদ্রোহি ঘোষণা সংগঠনকেইটাৰ । ধর্মীয় বিভেদ, ধর্মীয় উন্মাদনা সৃষ্টি কৰি কেৱল মাত্ৰ নিজ ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত এক বিশেষ সম্প্রদায়ক উচতাই জুল খাই অসমৰ পৰিবেশ পৰিস্থিতি অশান্তময় কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে এনেবোৰ তথাকথিত জাতীয়তাবাদী নেতাই। গতিকে, এনেবোৰ মানুহৰ কথাৰ ফুলজাৰি আৰু প্ৰৰোচনাত ভুল নাযাবলৈ অসমবাসী ৰাইজলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে সংবাদমেলযোগে ।আমি কোনো বিদেশীৰ পক্ষত নাই, আজিয়েই হওঁক বা কালিলৈয়ে হওঁক বিদেশী বহিষ্কাৰ হব লাগিব । একাংশ বাংলাদেশীৰ অভিভাৱকৰ ভাও দিয়া আৰু ৰক্ষকৰ ভূমিকা লোৱা সকলে কোৱাৰ দৰে আমি মুছলমান বিৰোধী নহওঁ, হিন্দুৰ ত্ৰাণকর্তাও নহওঁ। বিদেশী যিকোনো ধৰ্মৰ হ’ব পাৰে । আমাৰ এটাই কথা, অসমৰ পৰা সকলো বিদেশী বহিষ্কাৰ হ’ব লাগিব, কোনো বিদেশীক ধৰ্মৰ নামত ভাৰত বা অসমত প্রশ্রয় দিয়া নহ’ব । আনহাতে বৰ্তমান চৰকাৰখনে কেৱল মাত্র বেদখল হোৱা বনাঞ্চন সমূহতহে উচ্ছেদ অভিযান চলাই আছে, গতিকে সেই স্থান সমুহত যিয়েই নাথাকক কিয় উচ্ছেদ কৰাতো অতি দৰকাৰী বুলি গণ্য কৰিছে ১৫ সংগঠনে।সংবাদমেল যোগে অসম চৰকাৰলৈ আহ্বান সংগঠনকেইটাৰ। উচ্ছেদ কেবল নামনি অসমত হ’লে নহ’ব এই উচ্ছেদ সমগ্ৰ অসমতে হ’ব লাগিব, অর্থাৎ উজনি অসমতো হ’ব লাগিব । কাৰণ উজনি অসমতো বহু স্থানত চৰকাৰী ভূমিয়েই হওক বনাঞ্চলেই হওক ভূমি বেদখল হোৱাতো পৰিলক্ষিত হৈছে। বিশেষকৈ বহু চৰকাৰী ভূমি, দেবোত্তৰ ভূমি আৰু প্ৰাচীন কৃতীচিহ্ন সমুহৰ বৃহৎ বৃহৎ ভূমি বেদখল কৰি থকা দেখা গৈছে। এইক্ষেত্ৰত ঐতিহাসিক শিৱসাগৰৰ ঐতিহ্যমণ্ডিত সম্পদ সমুহ -ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱসাগৰ নগৰৰ যমুনা, চৰাইদেউ মৈডাম স্থলী, আহোম যুগৰ পুখুৰীৰ পাৰ সমুহ, জলাশয় সমুহত হোৱা অবাধ বেদখল বিলাক শীঘ্ৰে উচ্ছেদ কৰি উচিত সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈও দাবী৷সাম্প্রতিক এই পৰিস্থিতিত সংবাদমেল যোগে উজনি অসমৰ মুছলমান ৰাইজৰ প্ৰতি এক বিশেষ অনুৰোধ জনাই কয় যে, নামনি অসমত চলি থকা উচ্ছেদৰ আলম লৈ যাতে কোনো সন্দেহজনক লোকে উজনি অসমত থিতাপি লব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিব লাগিব । এখন বিদেশী মুক্ত অসম গঢ়িবলৈ আপোলোকৰ সহায় সহযোগিতা বাঞ্চনীয়।অসমৰ পৰা বিদেশী বাংলাদেশী লোকক চিনাক্ত কৰি শীঘ্ৰে বিতাড়নৰ ব্যৱস্থা কৰক আমাৰ পূৰ্ণ সমৰ্থন থাকিব কিন্তু একেটা সময়তে আমি ক’ব খোজো যাতে এই উচ্ছেদৰ নামত কোনো খিলঞ্জীয়া মুছলমান গৰীয়া,মৰীয়া,দেশী জুলা চৈয়দ আদিয়ে যাতে অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । কাৰণ আমি সকলো খিলঞ্জীয়া সুৰক্ষিত হোৱাটো বিচাৰো তাক আমি ধৰ্মীয় দৃষ্টিকোণেৰে গ্ৰহণ নকৰো । আমি ভাৰতীয়, আমি অসমীয়া আমি খিলঞ্জীয়া এই নীতিত আজি বিশ্বাসী । ইয়াৰ লগতে এই উচ্ছেদ অভিযানত যিসকল ভাৰতীয় লোকক উচ্ছেদিত হৈছে তেখেত লোকক শীঘ্ৰে মানবীয় দৃষ্টিৰে চৰকাৰে নিম্নতম সুবিধাখিনি প্ৰদান কৰিবলৈ আজিৰ এই সংবাদমেল যোগে চৰকাৰলৈ দাবী জনাইছে ১৫ সংগঠনে।
