৫জনক গুলীয়াই হত্যা কৰি কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ঘনকান্ত গগৈ, এইবাৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব পত্নী জোনমণি!

৫জনক গুলীয়াই হত্যা কৰি কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ঘনকান্ত গগৈ, এইবাৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব পত্নী জোনমণি!

৫জনক গুলীয়াই হত্যা কৰি কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ঘনকান্ত গগৈ, এইবাৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব পত্নী জোনমণি!

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনকৈ লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক অৱশেষত জে’ললৈ প্ৰেৰণ কৰা হৈছে। সাতদিনীয়া আৰক্ষীৰ জিম্মাৰ অন্তত ৩ নৱেম্বৰত কামৰূপ মহানগৰ জিলাৰ CJM আদালতৰ নিৰ্দেশত অভিযুক্তজনক লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ২৬ অক্টোবৰত সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা এই ভয়ংকৰ গুলীচালনাৰ ঘটনা।

ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি এইবাৰ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছে ঘনকান্তৰ পত্নী জোনমণি গগৈ। হত্যাকাণ্ডৰ পাছত ঘনকান্তই পত্নীলৈ ফোন কৰি ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে সাউকুছিৰ ভাড়াঘৰ এৰি সন্তানক লগত লৈ নিৰাপদ স্থানলৈ গুচি যাবলৈ পৰামৰ্শ দিছিল বুলি জানিব পৰা গৈছে। আনহাতে, অভিযুক্তৰ আইনী সহায়ৰ ব্যৱস্থা কৰাতো পত্নী জোনমণিৰ ভূমিকা আছিল নেকি, তাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে।

জানিব পৰা মতে, বুধবাৰে পুনৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব জোনমণি গগৈ। ইয়াৰ পূৰ্বে ধেমাজি থানাত হাজিৰ হোৱাৰ পাছত পল্টন বজাৰ আৰক্ষী থানাতো তেওঁক জেৰা কৰা হৈছিল। তদন্তকাৰী আৰক্ষীয়ে এইবাৰো তেওঁক সোধা-পোছা কৰি হত্যাকাণ্ডৰ সৈতে জড়িত বিভিন্ন দিশৰ তথ্য সংগ্ৰহ কৰিব।

উল্লেখ্য যে, বৰা ছাৰ্ভিচস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত .৩২ পিষ্টল ব্যৱহাৰ কৰি ছয়জন লোকক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে সত্যেন্দ্ৰ পাঠক নামৰ এজন লোক আহত হৈছিল। ঘটনাটোৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, মঙলবাৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ঘনকান্তক আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ নিৰ্দেশৰ পাছতে তেওঁক লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। কাৰাগাৰত প্ৰৱেশৰ পাছতে অভিযুক্তৰ ব্যক্তিগত অধিবক্তাই তেওঁৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ পাছত অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আগন্তুক আইনী যুঁজৰ সন্দৰ্ভত মন্তব্য কৰে।

ইফালে, ন্যায়িক জিম্মাত থকা ঘনকান্ত গগৈক পৰৱৰ্তী সময়ত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব। তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে পুনৰ তেওঁৰ জিম্মা বিচৰাৰ সম্ভাৱনাও আছে।

এতিয়া সমগ্ৰ ঘটনাটোৰ তদন্ত আগবঢ়াই নি অভিযুক্তৰ বিৰুদ্ধে শক্তিশালী অভিযোগনামা দাখিলৰ প্ৰস্তুতি চলাইছে তদন্তকাৰী আৰক্ষীয়ে। আনহাতে, জোনমণি গগৈৰ জেৰাৰ পাছত হত্যাকাণ্ডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক বা সহযোগিতা আছিল নেকি, সেয়া তদন্তৰ জৰিয়তেহে স্পষ্ট হ’ব। কেৱল জেৰা কৰা হৈছে বুলিয়েই তেওঁক অপৰাধত জড়িত বুলি ধৰি ল’ব নোৱাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top