ঘাতক ঘনকান্ত গগৈক জে’ললৈ প্ৰেৰণ, ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত জে’ললৈ প্ৰেৰণ ঘনকান্তক

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনকৈ লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক জে’ললৈ প্ৰেৰণ কৰা হৈছে। আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ (CJM) আদালতে অভিযুক্তজনক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, ঘনকান্ত গগৈৰ সাতদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি অন্ত পৰে। ইয়াৰ পাছতে আৰক্ষীয়ে অভিযুক্তজনক আদালতত হাজিৰ কৰোৱায়। শুনানিৰ অন্তত আদালতে তেওঁক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, বিগত সোমবাৰে নিশা প্ৰায় ৯ বজাত গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত হৈছিল ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হৈছিল। ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই নিশা প্ৰায় ১০ বজাত অভিযুক্ত ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

অভিযুক্তৰ গুলীত নিহত হোৱা লোককেইজন হৈছে ভূদেৱ ভৰালী (৬৫), হেলেনা ভৰালী (৫৮), দেৱৰ্ষি কাশ্যপ (৩৯), ৰিণিকা কাশ্যপ (৩০) আৰু নাৰায়ণ দাস (৪৮)। ইয়াৰে ভূদেৱ ভৰালী আৰু নাৰায়ণ দাসৰ ঘৰ বৰপেটাত। আনহাতে, হেলেনা ভৰালী, দেৱৰ্ষি কাশ্যপ আৰু ৰিণিকা কাশ্যপ গুৱাহাটীৰ নবীন নগৰৰ বাসিন্দা।
ইফালে, গুলীচালনাৰ ঘটনাত আহত হোৱা সত্যেন্দ্ৰ পাঠক (৪৩) বৰপেটাৰ বাসিন্দা। তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পত
