KAMRUP BJP । কামৰূপ জিলাৰ বকোৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টী বকো মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী আনুষ্ঠানিক ভাবে আয়োজন কৰা হয় ।
ৰাতিপুৱা ০৯: ৩০ বজাত দলীয় পতাকা উত্তোলন কৰাৰ হয় , পতাকা উত্তোলন কৰে বকো মণ্ডল সভাপতি হিৰণ্য নাথে ,
ৰাতিপুৱা ১১ বজাত ভাৰত মাতাৰ পতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বকো মণ্ডলৰ সভাপতি হিৰণ্য নাথ ডাঙৰীয়া আৰু দক্ষিণ কামৰূপ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়াই । বন্তি প্ৰজ্বলনৰ পিছতে পিছতে সভাপতিৰ আসন গ্ৰহণৰ কাৰ্য্যসুচী আৰাম্ভ হয় ।
বকো মণ্ডল সভাপতি হিৰণ্য নাথে আদৰণি ভাষন আগবঢ়াই । সভাপতিৰ ভাষনৰ পিছতে বিশেষ ব্যক্তিসকলক এখনি জাতীয় ফুলাম গামোছা, এটি অসমীয়া চহা জাপি , একোখন নাঙল , আৰু একোডাল গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ পিছতে সাংগঠনিক ভেটি অধিক শক্তিশালীকৰণ বাবে মত বিনিময় আগবঢ়াই বকো মণ্ডল কমিটীৰ সভাপতি হিৰণ্য নাথৰ লগতে বিশেষ বক্তা সকলে । লগতে আজিৰ সভাত বিকশিত ভাৰতৰ ২০৪৭ ৰ নাগৰিকৰ সংকল্প পত্ৰৰ পাঠ আওৰাই ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপৰ বকো মণ্ডলৰ সভাপতিকে ধৰি দক্ষিণ কামৰূপৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অঞ্জন গোস্বামী আৰু সভাত উপস্থিত থকা বকো মণ্ডলৰ সদস্য, সকলে ।
