ASSAM DOWN TOWN UNIVERSITY

৫ম ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে “স্বাস্থ্য সেৱাত কৰ্মী বিকাশ: অৱিচলতা গঢ়ি তোলা আৰু প্ৰতিভা ৰক্ষা” । ASSAM DOWN TOWN UNIVERSITY

তাৰিখ: ২৭ জুন, ২০২৫
স্থান: অসম ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটী ।ASSAM DOWN TOWN UNIVERSITY

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ নার্সিং অনুষদৰ উদ্যোগত ২০২৫ চনৰ ২৭ জুন তাৰিখে অনুষ্ঠিত হ’ব ৫ম ৰাষ্ট্ৰীয় সন্মিলন, যাৰ মূল বিষয়বস্তু হ’ব — “স্বাস্থ্য সেৱাত কৰ্ম বিকাশ: অৱিচলতা গঢ়ি তোলা আৰু প্ৰতিভা ৰক্ষা” (Workforce Development: Building Resilience and Retaining Talents in Today’s Health Care)।

এই সন্মিলনত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কৰ্মীৰ বিকাশ, মানসিক অৱিচলতা, স্বীকৃতি, আৰু পেচাগত স্থায়ীত্বৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনাসমূহ হ’ব।

বিশিষ্ট বক্তাসকলৰ ভিতৰত উল্লেখযোগ্য:

  • চাই বালা মাদাথিল, নার্সিং ডাইৰেক্টৰ, আমৃতা ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সচ, কচি — “কৌশল উন্নয়ন আৰু কৌশলগত কৰ্মী পৰিকল্পনা” বিষয়ত বক্তৃতা আগবঢ়াব।
  • ডাঃ বৰ্ণালী দাস, মনোবৈজ্ঞানিক সমাজকৰ্মৰ উচ্চাসন অধ্যাপিকা, জিএমচিএইচ, গুৱাহাটী — “স্বাস্থ্য সেৱা ক্ষেত্ৰৰ কৰ্মীসকলৰ মানসিক অৱিচলতা আৰু কল্যাণ”ৰ ওপৰত বক্তৃতা দিব।
  • অনিরুদ্ধ ব্যানাৰ্জী, সহযোগী উপ-সভাপতি, HR & IR, পিয়াৰলেছ হাস্পতাল আৰু বি.কে. ৰয় ৰিছাৰ্চ চেণ্টাৰ, কোলকাতা — “সদভাৱ, স্বীকৃতি আৰু পেচাগত উন্নতিৰ জৰিয়তে কৰ্মীৰ প্ৰতিভা ৰক্ষা” বিষয়ত আলোচনা আগবঢ়াব।

দেশৰ বিভিন্ন চিকিৎসা আৰু নার্সিং প্ৰতিষ্ঠানৰ অধ্যাপক, পৰিচালক আৰু কৰ্মচাৰীসকলক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। সন্মিলনত পোষ্টাৰ আৰু গৱেষণামূলক প্ৰবন্ধ উপস্থাপনাৰ ব্যৱস্থাও থাকিব, যাৰ জৰিয়তে একাডেমিক আৰু পেচাগত অভিজ্ঞতা বিনিময়ৰ এক উত্তম মঞ্চ আগবঢ়াব।

সন্মিলনৰ অন্তিম পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এক মনোৰম সাংস্কৃতিক অনুষ্ঠান আয়োজিত হ’ব, যিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য আৰু ঐক্যৰ এক উৎসৱৰ ৰূপ লৈ ধৰা দিব।

সকলক এই ৰাষ্ট্ৰীয় পৰিসৰৰ অংশ হোৱাৰ বাবে আন্তৰিক আমন্ত্ৰণা জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top