থানাৰ ভিতৰতে OC-ৰ ওপৰত আক্ৰমণ: পিতৃ-পুত্ৰ জড়িত, নলবাৰীত চাঞ্চল্য । NALBARI POLICE

নলবাৰী, ২৫ জুন: NALBARI POLICE ।
এটা ন্যায়ালয়ত চলি থকা গোচৰ সন্দৰ্ভত থানালৈ আহি, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) প্ৰৱণ কলিতাক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনাই সমগ্ৰ নলবাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো সংঘটিত হয় নলবাৰী চহৰৰ বাটা চ’কৰ বাসিন্দা জগদীশ কলিতা আৰু তেওঁৰ পুত্ৰ গৌৰৱ জগদীশ কলিতা থানালৈ আহিছিল বুলি জানিব পৰা গৈছে। তেওঁলোকে থানাৰ OC প্ৰৱণ কলিতাৰ কোঠালৈ সোমায়। সেই সময়তে পিতৃ জগদীশ কলিতা OC-ৰ সৈতে কথা পাতি থকা অৱস্থাত, পুত্ৰ গৌৰৱ কলিতাই আকস্মিকভাৱে OC-জনক ঘোচা মাৰে আৰু গোৰে আক্ৰমণ কৰে।

থানাৰ ভিতৰতে সংঘটিত এই আক্ৰমণৰ পিছত, নলবাৰী আৰক্ষীয়ে গৌৰৱ কলিতাক গ্ৰেপ্তাৰ কৰে। লগতে পিতৃ জগদীশ কলিতাকো আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। আৰক্ষীয়ে ঘটনাৰ সম্পূৰ্ণ পৰিপ্ৰেক্ষিত উন্মোচন কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে।

ঘটনাটো প্ৰচাৰলৈ অহাৰ পিছতেই সমগ্ৰ নলবাৰী জুৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত হ’বলৈ আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top