Tapan Das বুকুত শোক, মুখত সংলাপ, পত্নী বিয়োগৰ মাত্ৰ ৪ দিনৰ পিছতেই ইতিহাস থিয়েটাৰৰ আখৰাগৃহত অভিনেতা তপন দাস

ব্যক্তিগত জীৱনত গভীৰ শোকৰ মাজতো পেছাদাৰী দায়িত্বৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে অসমৰ বিশিষ্ট অভিনেতা তপন দাসে। পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ মৃত্যুৰ মাত্ৰ চাৰি দিনৰ পিছতেই তেওঁ উপস্থিত হ’ল ইতিহাস থিয়েটাৰৰ আখৰাগৃহত।

জীৱনসংগিনীক হেৰুৱাৰ অসহনীয় বেদনাক বুকুত সামৰি লৈও মঞ্চৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ পৰা আঁতৰি নাথাকিল অভিনেতাজন। ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে ইতিহাস থিয়েটাৰৰ সৈতে পূৰ্বেই চুক্তিবদ্ধ তপন দাসে পুনৰ আৰম্ভ কৰিলে নাটকৰ সংলাপৰ অনুশীলন আৰু আখৰাৰ প্ৰস্তুতি।

এজন শিল্পীৰ ব্যক্তিগত জীৱনত যিমানেই দুখ-শোক নাথাকক কিয়, মঞ্চ আৰু দৰ্শকৰ প্ৰতি থকা দায়িত্বক তেওঁ অগ্ৰাধিকাৰ দিয়াৰ এই ঘটনাই বহুজনক আৱেগিক কৰি তুলিছে। সামাজিক মাধ্যমতো বহুতে তপন দাসৰ এই পেছাদাৰী মনোভাৱ আৰু শিল্পীৰ দায়বদ্ধতাক প্ৰশংসা কৰিছে।
ব্যক্তিগত বেদনাৰ মাজতো কৰ্তব্যক সন্মান জনাই আখৰাগৃহলৈ ঘূৰি অহা তপন দাসে যেন পুনৰ এবাৰ প্ৰমাণ কৰিলে—“The Show Must Go On.”
