Bishnu Prasad Rabha (1909–1969) মাৰ্ঘেৰিটাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন
বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱনকৰ্মৰে পৃথিৱীক সমৃদ্ধ কৰি গৈছে : ড° পবিত্ৰপ্ৰাণ গোস্বামী
বিষ্ণুপ্ৰসাদ ৰাভাই নিজক বিশ্বমানৱ পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ প্ৰয়াস কৰিছিল : ড° বসন্তকুমাৰ গোস্বামী
২০ জুন : পৃথিৱীৰ কেইবাগৰাকী ব্যক্তিয়ে অমূল্য কালজয়ী অৱদানেৰে পৃথিৱীক সমৃদ্ধ কৰি গৈছে । অসমত বিষ্ণুপ্ৰসাদ ৰাভায়ো নিজৰ বৰ্ণিল জীৱনকৰ্মৰে কলাৰ পৃথিৱীক সমৃদ্ধ কৰি গৈছে । — ক’লা হীৰাৰ দেশ মাৰ্ঘেৰিটাত অসম সাহিত্য সভাই আয়োজন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিদিৱসৰ মুকলি সভাত আজি এই মন্তব্য যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পবিত্ৰপ্ৰাণ গোস্বামীৰ । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ সভাপতিত্বত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ আতিথ্যত মাৰ্ঘেৰিটা মাৰোৱাৰী বিবাহ ভৱনত আয়োজিত সভাখনত “বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কোনো তুলনা নাই” বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে হালোৱা-হজুৱা,কৃষক-বনুৱা আদি সৰ্বসাধাৰণ মানুহৰ হিয়াৰ আমঠু আছিল বিষ্ণুপ্ৰসাদ ৰাভা ।

সেইকাৰণে বৃটিছ সেনাবাহিনীৰ চকুত নপৰাকৈ বিষ্ণুপ্ৰসাদ ৰাভাক লুকুৱাই ৰাখিছিল সৰ্বসাধাৰণ জনগণে । শিক্ষাসদী ব্যক্তি ড° গোস্বামীয়ে বিষ্ণু ৰাভাৰ জীৱনগাথা আলোকপাত কৰি কয় যে বিষ্ণুপ্ৰসাদ ৰাভা কেৱল সংগ্ৰামী সত্তা নাছিল, তেওঁ আছিল বিভিন্ন কলাৰ সাধক। বিষ্ণুপ্ৰসাদ ৰাভাই ভৰতমুনিৰ নাট্য শাস্ত্ৰ অধ্যয়ন কৰিছিল, হিন্দুস্থানী ৰাগ সংগীত অধ্যয়ন কৰিছিল , সত্ৰীয়া সংস্কৃতি অধ্যয়ন কৰিছিল । সেই অধ্যয়নবোৰৰ ফলতে বৰগীতৰ স্বৰলিপি, তাললিপি,গায়ন-বায়নৰ বাজনাৰ দৰে বহু সাংস্কৃতিক সম্পদ বিষ্ণু ৰাভাই দি থৈ গৈছে । সভাপতিৰ ভাষণত ড° বসন্তকুমাৰ গোস্বামীয়ে বিষ্ণু ৰাভাই মৃত্যুমুখী মানুহৰ কথা অতিক্রম কৰি বিশাল মানৱতাৰ কথা ভাবিছিল বুলি উল্লেখ কৰি কয় যে উগ্র জাতীয়তাবাদৰ ভিত্তিতে বিশ্বমানৱতাৰ সৌধ ৰচনা কৰিবলৈ তেওঁ উদ্যত হৈছিল । সুসাহিত্যিক গোস্বামীয়ে পুনৰ কয় যে প্রতিজন শিল্পীয়ে অনুসন্ধান কৰে মানুহ আৰু তাৰ সৌন্দর্য ।

সেই শক্তিক বিপুল প্রতিভাৰে আহৰণ কৰি বিষ্ণু ৰাভাই নিজক বিশ্বমানৱৰ পৰ্যায়লৈ উত্তৰণ ঘটাব খুজিছিল জ্যোতিপ্ৰসাদৰ দৰে । অসমৰ ভূমিৰ পৰাই সেই শক্তি বুটলি স্বপ্রতিভাৰে অধিক উজ্জ্বল কৰি আমাক দি গৈছে । বিষ্ণু ৰাভাই চিৰকাল অৱহেলিত অসমৰ সংস্কৃতিক অসমৰ ভূমিৰ পৰাই আহৰণ কৰি সংস্কৃত আৰু অধিক সুন্দৰ কৰি আমাক দি গ’ল বুলিও তেওঁ মন্তব্য কৰে । অসম সাহিত্য সভা শিল্পী, সুন্দৰ আৰু সত্যৰ সহযাত্রী বুলিও তেওঁ উল্লেখ কৰে । ৰূপা ৰাজখোৱা,থানুৰাম শৰ্মা,প্ৰীতিৰাণী বৰদলৈ, অৰ্পণা গগৈ,কমল উপাধ্যায়,জীৱন মলিয়া আদি একুৰি আদৰ্শৱান শিক্ষকক সম্বৰ্ধনা জনোৱা সভাত চিত্ৰা বৰগোহাঞিৰ এমুঠি আৱেগৰ ৰং,খিলানাথ শৰ্মা অধিকাৰী সম্পাদিত কবিতা সংকলন “নৱৰত্ন” উন্মোচন কৰা হয় । নতুন প্ৰজন্মৰ প্ৰতিভা তন্বিতা ভৰদ্বাজ, হিমাংশুকুমাৰ দাস উপস্থিত থকা সভাত প্ৰাঞ্জলপ্ৰতীম কলিতা,হিমাশ্ৰী চেতিয়া,ডিগবৈ সাহিত্য সেৱা সমিতি আৰু সুৰৰ দেউল সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰে । চিৰ চেনেহী মোৰ ভাষা জননী গীতৰ পিছতে টাই আহোম জনগোষ্ঠীয় সাংস্কৃতিক অভিবাদনেৰে আৰম্ভ হোৱা সভাত বিষ্ণু ৰাভাৰ গীতত নৃত্য পৰিৱেশন কৰে কণমানি বুঢ়াগোহাঁই, ভূপালী ৰাগিণী বৰা,আয়ুসী বৰাই। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা সভাত পবিত্ৰ বৰগোহাঞিয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ ‘যুগাগ্ৰগামী’ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই । বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে স্মৰণ কৰি ৰাজখোৱাই কয় যে বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল যে ৰাজ্যে আছে দুইটি পাঠা,একটি কালা এটি সাদা, ৰাজ্যৰ যদি মঙ্গল চাও, দুইটি পাঠাই বলি দাও। বিষ্ণুপ্ৰসাদ ৰাভাই কোৱা কথাৰ সময় বা প্ৰাসংগিকতা সলনি হৈছে। কিন্তু আজিও আছে সেই শত্ৰুবোৰ । যদি অসমৰ মঙ্গল বিচৰা হয় ,ভাষাৰ সংকট, জাতিৰ সংকট, সংস্কৃতিৰ সংকট সৃষ্টি কৰা সেই শক্তিবোৰক বলি দিব লাগিব । অসম সাহিত্য সভাতো অন্য অৰ্থত কালা পাঠা বগা পাঠা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে একাংশৰ লবিকেন্দ্ৰিক কথা-বতৰাবোৰে অসম সাহিত্য সভাক ক্ষতিগ্ৰস্ত কৰিছে । অসম সাহিত্য সভাক ৰাইজৰ অনুষ্ঠান কৰি ৰাখিবলৈ হ’লে এনে কথা-বতৰাবোৰকো মূল , জিলা আৰু শাখা সকলো স্তৰতে বলি দিব লাগিব। অসম সাহিত্য সভা অসমৰ ৰাইজৰ অনুষ্ঠান বুলি মন্তব্য দি উপ-সভাপতিজনে ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল অসমৰ প্ৰতিগৰাকী ব্যক্তিকে সভাৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে জানিবলৈ দিয়া অনুসৰি ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয় সম্পাদক ডা: শান্তনু লহকৰ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা , লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দীপক ভৰালী, অনুবাদ প্ৰকল্পৰ আহ্বায়ক হৃদয়ানন্দ গগৈ , যুৱসংসদ উপসমিতিৰ আহ্বায়ক গৌতম গগৈ , সাংস্কৃতিক উপসমিতিৰ উপ-সভাপতি ড° ছবি গগৈ, যুৱসংসদ উপসমিতিৰ সহযোগী আহ্বায়ক অচ্যুত গগৈ, বিত্ত উপসমিতিৰ উপ-সভাপতি বংকিম বৰুৱা , প্ৰাক্তন সংগঠক অজয় সিংহ, তিনিচুকীয়া জিলা প্ৰতিনিধি মোহন মৰাণ , আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি শশীধৰ শ্যাম, মুখ্য সম্পাদক অশ্বিনীপ্ৰসাদ গগৈ, কাৰ্যনিৰ্বাহক সদস্য পুলককুমাৰ গগৈ, লেখক ৰঞ্জিত দত্ত, কবি যোগেশ বিকাশ গগৈ, গৱেষক হিমাংশু কুমাৰ দাস, তন্বিতা ভৰদ্বাজ প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমী উপস্থিত থকা সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা চাংমাই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে । উল্লেখ্য মুকলি সভাৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই। তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ চাংমায়ে আঁতধৰা অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে আদৰণী সমিতিৰ সভাপতি ড° ৰমেন হাজৰিকাই ।
