টোলগেট ঘটনাক লৈ অপপ্ৰচাৰৰ অভিযোগ বিধায়কগৰাকীৰ । Bhubesh Kalita
সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ পত্নী অপহৃত হোৱাৰ বাতৰিখনত কোনো সত্যতা নাই বুলি স্পষ্টীকৰণ আগবঢ়াইছে বিধায়কগৰাকীয়ে।
সংবাদ মাধ্যমৰ সৈতে আলোচনাত বিধায়ক কলিতাই কয়, “এইটো কোনো অপহৰণৰ ঘটনা নহয়, মাত্ৰ কিছু সংবাদ মাধ্যমৰ অপপ্ৰচাৰ।”
বিধায়কগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰে যে, ঘটনাটো ঘটিছিল প্ৰায় এমাহ-ডেৰ মাহ আগতে। তেতিয়া তেওঁৰ পত্নীয়ে পুত্ৰজনক বিদ্যালয়ৰ পৰা লৈ ঘৰলৈ উভতিছে, তেতিয়াহে মদনপুৰ টোলগেটত কৰ্মচাৰী কিছুৰ সৈতে কথাকাটিকাটি হয়। অভিযোগ অনুসৰি, কৰ্মচাৰীসকলে তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰে আৰু পত্নীগৰাকীক অপমানজনক ভাষা ব্যৱহাৰ কৰে।
এই সন্দৰ্ভত ২৭ মে’ তাৰিখে বিধায়কগৰাকীয়ে থানাত এজাহাৰো দাখিল কৰিছিল। এই এজাহাৰক কেন্দ্ৰ কৰি সামাজিক মাধ্যম আৰু কিছুমান সংবাদ মাধ্যমে “পত্নী অপহৃত” বুলি ভুৱা খবৰ প্ৰচাৰ কৰিছে বুলি অভিযোগ বিধায়ক ভৱেশ কলিতাৰ।
তেওঁ সাৱধানবাণী উচ্চাৰণ কৰি কয়, “অপহৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ভুয়া খবৰ প্ৰকাশ কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টিৰ চেষ্টা একেবাৰেই নিন্দনীয়।” তেওঁ লগতে সংবাদ মাধ্যমক তথ্য যাচাই কৰি প্ৰচাৰ কৰাৰ আহ্বান জনায়।
সঁচাকৈয়ে ঘটনাটো অপহৰণ নহয়, কেৱল টোলগেটত হোৱা অপমানজনক ব্যৱহাৰৰ ঘটনাই আছিল। এই বিষয়ে জনগণৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ বিধায়কগৰাকীয়ে পুনৰ স্পষ্ট কৰে।
