শিৱসাগৰ, ১৮ জুন — শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নিবিড় চিকিৎসা একক (ICU) যোৱা এটা সপ্তাহ ধৰি বন্ধ হৈ থাকিবলৈ বাধ্য হৈছে। ১১ জুনত ICU সংলগ্ন জেনেৰেটৰত হোৱা জুইৰ ঘটনাৰ পাছত এই গুৰুত্বপূৰ্ণ চিকিৎসা কক্ষটো বন্ধ কৰি ৰাখিবলগা হৈছে। ফলস্বৰূপে, জটিল অৱস্থাত চিকিৎসালয়খনলৈ অহা বহু ৰোগীক অন্য হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ চিকিৎসকসকল বাধ্য হৈছে।

হাস্পতালৰ কৰ্তৃপক্ষই জনোৱা মতে, জুইৰ ফলত জেনেৰেটৰটো সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত হৈছে, আৰু বিকল্প শক্তি যোগানৰ অবিহনে ICU চলাই ৰাখাটো সম্ভৱ নহয়। এই সময়ছোৱাত বহু গম্ভীৰ ৰোগীৰ চিকিৎসাত বিলম্ব ঘটিছে আৰু পৰিয়ালবোৰক দুশ্চিন্তাত পেলাইছে।
স্থানীয় ৰাইজ আৰু ৰোগীৰ আত্মীয়সকলৰ মাজত তীব্ৰ অসন্তোষ দেখা গৈছে। তেওঁলোকে দাবী কৰিছে যে, এনে গুৰুত্বপূৰ্ণ ইউনিট এটা সাত দিন ধৰি বন্ধ থাকাটো হাস্পতাল ব্যৱস্থাপনাৰ এক গম্ভীৰ ব্যৰ্থতা। লগতে, অতি সোনকালেই ICU খন পুনৰ operational কৰাৰ দাবী উঠিছে।
জিলা স্বাস্থ্য বিভাগে ঘটনাটোত গুৰুত্ব সহকাৰে পদক্ষেপ লোৱাৰ আশ্বাস দিয়াছে, যদিও কেতিয়া ICU খন পুনৰ খুলিব তাৰে কোনো স্পষ্ট সময়সূচী এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই।
এই সংকটৰ মাজত, ৰাইজে স্বাস্থ্য সেৱাৰ দিশত অধিক গম্ভীৰতা আৰু প্ৰস্তুতিৰ দাবী জনাইছে।
