Akhil Gogoi । শিৱসাগৰ যুৱদলৰ উদ্যোগত আয়োজিত বিধায়ক অখিল গগৈৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান আৰু “শিৱসাগৰবাসীৰ সপোন” শীৰ্ষক আলোচনাচক্ৰত শিৱসাগৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে এক বিস্তৃত পৰিকল্পনা দাঙি ধৰে বিধায়ক অখিল গগৈয়ে। অনুষ্ঠানত শিৱসাগৰৰ বহু বিশিষ্ট ব্যক্তিয়েও জিলাখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

ভাষণত অখিল গগৈয়ে কয় যে শিৱসাগৰৰ উন্নয়নৰ মূল চাবিকাঠি উদ্যোগীকৰণ নহয়, বৰঞ্চ গ্ৰাম্য পৰ্যটন আৰু ঐতিহাসিক-পৌৰাণিক সম্পদক কেন্দ্ৰ কৰি বিশ্বমানৰ পৰ্যটন উদ্যোগ গঢ়ি তোলা। তেওঁৰ মতে, ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰকে ধৰি শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহক কেৱল পুৰণি ইটাৰ গাঁথনি হিচাপে নাচাই বিশ্ব ঐতিহ্যৰ মূল্যবান সম্পদ হিচাপে গঢ়ি তুলিব লাগিব।

তেওঁ দাবী কৰে যে প্ৰথমবাৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত পুৰাতত্ত্ব বিভাগ আৰু পৰ্যটন বিভাগৰ সৈতে মিলি কাম আৰম্ভ কৰিছিল যদিও দিছপুৰৰ নিৰ্দেশত সংশ্লিষ্ট বিভাগসমূহক তেওঁৰ সৈতে কাম নকৰিবলৈ কোৱা হৈছিল।
তাই যাদুঘৰ সন্দৰ্ভত তেওঁ কয় যে নতুনকৈ নিৰ্মাণ কৰা যাদুঘৰটো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডলৈ উন্নীত কৰিব বিচাৰে। ইয়াৰ বাবে কেৱল ব্যক্তিগতভাৱে সংৰক্ষিত সামগ্ৰী প্ৰদৰ্শন কৰিলেই নহ’ব, বৰঞ্চ বিভিন্ন সংগ্ৰহালয়ত সংৰক্ষিত ঐতিহাসিক সমল আনি গৱেষণাৰ উপযোগী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব।

অখিল গগৈয়ে ৰংঘৰ প্ৰকল্পত থলুৱা আৰু জনগোষ্ঠীয় খাদ্যৰ লগতে পশ্চিমীয়া খাদ্যৰ ফুড কৰ্ট স্থাপনৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে নিৰ্মীয়মাণ মুকলি ৰঙ্গমঞ্চৰ নক্সা আৰু নিৰ্মাণ পদ্ধতিৰ সমালোচনাও কৰে। লগতে আহোম যুগৰ বুৰঞ্জীসমূহ ডিজিটেল পদ্ধতিত সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ কয়, তেওঁৰ লক্ষ্য হৈছে শিৱসাগৰক এনে এক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা, য’ত অহা পৰ্যটকে অন্ততঃ তিনিদিন অৱস্থান কৰিব। শিৱসাগৰৰ ইতিহাসক কেৱল আহোম দৃষ্টিভংগীৰে নহয়, কৈৱৰ্ত, গৰিয়া আদি সকলো সম্প্ৰদায়ৰ ঐতিহ্যক সামৰি চাব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
ভাষণত আজানপীৰ দৰগাহ আৰু ৰামখাপীঠক দিখৌ নদীৰ ওপৰত দলং নিৰ্মাণৰ জৰিয়তে সংযোগ কৰি পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰাৰ লগতে দিখৌ নদীৰ ওপৰত তিনিখন নতুন দলং নিৰ্মাণৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীক আগবঢ়োৱাৰ কথাও জানিবলৈ দিয়ে।
শিৱসাগৰত অভাৰব্ৰীজ নিৰ্মাণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি তেওঁ কয়, নগৰখনত যান-জঁটৰ সমস্যা তেনেই গুৰুতৰ নহয় আৰু অভাৰব্ৰীজে স্থানীয় ব্যৱসায়ীসকলৰ ক্ষতি কৰিব পাৰে।

শিক্ষা আৰু স্বাস্থ্য খণ্ডতো কেইবাটাও দাবী উত্থাপন কৰি অখিল গগৈয়ে কয়, তেওঁৰ হাতত থকা প্ৰায় ২৫০ বিঘা মাটিত এখন ইঞ্জিনিয়াৰিং কলেজ, এখন নাৰ্চিং কলেজ, এখন আইন মহাবিদ্যালয় আৰু সম্ভৱ হ’লে এখন আই আই টি বা আই আই এম স্থাপনৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাব। লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ উন্নয়নৰ বাবে ২৯ কোটি টকা আৱণ্টন কৰি অনা বুলি তেওঁ দাবী কৰে।
তেওঁ লগতে ঐতিহাসিক হাৰমতীগড়ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৩৫ কোটি টকা আৰু দিচাংমুখৰ পৰা দিখৌমুখ-ৰূপহীমুখলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰি উন্নীতকৰণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ২০৫ কোটি টকা আৱণ্টন কৰি অনাৰ দাবীও কৰে।
ডিমৌলৈ জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰৰ বিৰোধিতা কৰি তেওঁ স্পষ্টভাৱে কয় যে তেওঁ বিধায়ক হৈ থকা অৱস্থাত এনে সিদ্ধান্ত মানি নলয়। একেদৰে ৰংঘৰ আৰু তলাতল ঘৰৰ ওচৰত কোনো উদ্যোগ স্থাপন কৰিবলৈ নিদিয়াৰ কথাও উল্লেখ কৰে।
সাম্প্ৰতিক ৰাজনৈতিক বিষয়তো মন্তব্য কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰত মুখ্যমন্ত্ৰী নেতৃত্বাধীন নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব লাগে। অভিভাৱক মন্ত্ৰী বিমল বৰাৰ শিৱসাগৰ ভ্ৰমণ, যোগ দিৱস উপলক্ষে নিজৰ লেটেকু গছত উঠা কাৰ্য আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈক লৈও তেওঁ বিভিন্ন মন্তব্য কৰে।
অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলেও শিৱসাগৰৰ পৰ্যটন, ঐতিহ্য সংৰক্ষণ, শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নক কেন্দ্ৰ কৰি বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়ায়।
