প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্য অৱস্থা সুস্থিৰ, দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত চলি আছে চিকিৎসা । SONIA GANDHI HEALTH UPDATE
প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ শাৰীৰিক অৱস্থা বৰ্তমান স্থিৰ বুলি চিকিৎসকসকলে জনাইছে। পেটৰ সমস্যাৰ বাবে বিগত কেবাদিন ধৰি দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি হৈ থকা ছোনিয়া গান্ধীৰ চিকিৎসা গেষ্ট্ৰ’এণ্টেৰ’লজী অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ সমীৰণ নন্দীৰ তত্বাৱধানত চলি আছে।
চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ডাঃ অজয় স্বৰূপে জাননী দিয়ে যে,
“চিকিৎসকৰ এটা দলে ছোনিয়া গান্ধীৰ স্বাস্থ্য অৱস্থা সদায় নিৰীক্ষণ কৰি আছে। দেওবাৰে নিশা তেওঁৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাৰ পাছতেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়।”
তেওঁৰ স্বাস্থ্যৰ সমস্যাটো মূলত পেটৰ লগত সম্পৰ্কিত বুলি জানিবলৈ পোৱা গৈছে।
উল্লেখযোগ্য যে, ছোনিয়া গান্ধীক শেষবাৰৰ বাবে ১৩ ফেব্ৰুৱাৰীত সংসদত দেখা গৈছিল। তেতিয়াই তেওঁ চৰকাৰক শীঘ্ৰে লোকপিয়ল সম্পূর্ণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে খাদ্য সুৰক্ষা আইনৰ অধীনত ১৪ কোটিৰো অধিক লোকক সুবিধা প্ৰদান নকৰাৰ অভিযোগো উত্থাপন কৰিছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে তীব্ৰভাৱে প্ৰশ্নো উত্থাপন কৰিছিল।
ছোনিয়া গান্ধী দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নেতৃত্ব প্ৰদান কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ দৰে বহু গুৰুত্বপূৰ্ণ পদত কাম কৰি আহিছে।
বৰ্তমানত তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে বুলি চিকিৎসালয়ৰ সূত্ৰে জনোৱা হৈছে। ৰাইজে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰি আছে।
