অভয়াপুৰীত নাবালিকাক আক্ৰমণৰ অভিযোগ, আৰক্ষীৰ কাষ চাপিল পৰিয়াল

অভয়াপুৰীত নাবালিকাক আক্ৰমণৰ অভিযোগ, আৰক্ষীৰ কাষ চাপিল পৰিয়াল ।Crime News

Crime News । বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলত পুনৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। অভয়াপুৰী থানাৰ অন্তৰ্গত বৰঘোলা আৰক্ষী চকীৰ সীমাৰ ভিতৰত হালধীবাৰী অঞ্চলত এগৰাকী নাবালিকাক লক্ষ্য কৰি আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসাৰে, কাছাৰিপেটীৰ ৰফিকুল ইছলাম নামৰ এজন যুৱকে আই নৈৰ ঘাটত কাপোৰ ধুই থকা অৱস্থাত নাবালিকা গৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা কৰে। অৱশ্যে সেই চেষ্টা ব্যৰ্থ হোৱাৰ পাছত অভিযুক্তজনে নাবালিকা গৰাকীক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাত নাবালিকা গৰাকী আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ পিছতেই পীড়িতাৰ পৰিয়ালে ন্যায়ৰ দাবীত বৰঘোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

এই ঘটনাই অঞ্চলটোত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু স্থানীয় লোকসকলে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top