এইবাৰ ছোৱালী জোকাই আৰক্ষীৰ জালত পৰিল নলবাৰীৰ দ্বীপকেশ শৰ্মা।NALBARI

এইবাৰ ছোৱালী জোকাই আৰক্ষীৰ জালত পৰিল নলবাৰীৰ দ্বীপকেশ শৰ্মা।NALBARI


NALBARI । নলবাৰী জিলাৰ কমাৰকুছি অঞ্চলত পুনৰ চাঞ্চল্য সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি যুৱতীসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগত অৱশেষত আৰক্ষীৰ জালত পৰিল দ্বীপকেশ শৰ্মা নামৰ এজন ব্যক্তি।

প্ৰাপ্ত তথ্য অনুসৰি, টিউচনলৈ যোৱা এগৰাকী ছোৱালীক জোকোৱাৰ ঘটনাৰ পাছতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পূৰ্বে ৰাইজে অভিযুক্তজনক আটক কৰি কমাৰকুছি আৰক্ষী চকীৰ হাতত গতাই দিয়ে।

জানিব পৰা মতে, অভিযুক্ত দ্বীপকেশ শৰ্মাই বহুদিন ধৰি অঞ্চলটোৰ যুৱতীসকলক অসুবিধাত পেলাই আহিছিল। এই ঘটনাই অঞ্চলবাসীৰ মাজত ভয় আৰু ক্ষোভৰ সৃষ্টি কৰিছিল। অৱশেষত ৰাইজৰ সহযোগিতাত আৰক্ষীয়ে অভিযুক্তজনক আটক কৰিবলৈ সক্ষম হয়।

বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top