Wish Welfare Foundation । নগাঁও জিলাৰ জুৰীয়াত অৱস্থিত ‘Wish Welfare Foundation’ নামৰ এটা তথাকথিত নিচামুক্তিকৰণ কেন্দ্ৰত সংঘটিত হৈছে এক জঘন্য আৰু চাঞ্চল্যকৰ ঘটনা। নিচামুক্ত হোৱাৰ আশাৰে কেন্দ্ৰটোত ভৰ্তি হোৱা একাংশ যুৱকৰ ওপৰত চলিছে ভয়ংকৰ নিৰ্যাতনৰ অভিযোগ, যাক স্থানীয় লোকে ‘তালিবানি শাস্তি’ বুলি অভিহিত কৰিছে।

অভিযোগ অনুসৰি, কেন্দ্ৰটোৰ মালিক পক্ষই এজন যুৱকক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি তেওঁৰ সোঁ ভৰি ভাঙি পেলায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক কোনো ধৰণৰ উপযুক্ত চিকিৎসা নকৰি তেনেদৰে এৰি থকাৰো অভিযোগ উত্থাপন হৈছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে ক্ষোভত ফাটি পৰে স্থানীয় ৰাইজ, আৰু যোৱা নিশা কেন্দ্ৰটোৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

জানিব পৰা মতে, এই ৰিহাব চেন্টাৰটোৱে প্ৰতিগৰাকী ড্ৰাগছ আসক্ত যুৱকৰ অভিভাৱকৰ পৰা মাহিলী ধন সংগ্ৰহ কৰি আহিছে। কিন্তু সেই ধনৰ বিনিময়ত আৱাসীসকলক প্ৰদান কৰা নহয় উপযুক্ত খাদ্য বা চিকিৎসা সুবিধা। তাৰ বিপৰীতে, অভিযোগ উঠিছে যে প্ৰতিদিনে নিশা কেন্দ্ৰটোৰ ভিতৰত আৱাসীসকলৰ ওপৰত চলে শাৰীৰিক নিৰ্যাতন।
এই ঘটনাৰ পাছত ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে এজন লোকক আটক কৰাৰ খবৰ পোৱা গৈছে।

এই ঘটনাই পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে—নিচামুক্ত কৰাৰ নামত অনুজ্ঞাপত্ৰ লৈ এইদৰে যুৱ সমাজৰ ওপৰত নিৰ্যাতন চলোৱাৰ অধিকাৰ কোনে দিলে? ‘Wish Welfare Foundation’ৰ দৰে প্ৰতিষ্ঠানসমূহে সেৱাৰ নামত ধন লুণ্ঠন আৰু গুণ্ডাগিৰি চলোৱাৰ অভিযোগত এতিয়া সৰৱ হৈ পৰিছে জুৰীয়াৰ সচেতন ৰাইজ।
স্থানীয় লোকে এই ঘটনাৰ পূৰ্ণাঙ্গ তদন্তৰ লগতে অভিযুক্ত ৰিহাব চেন্টাৰখন তাৎক্ষণিকভাৱে বন্ধ কৰাৰ দাবী জনাইছে।
