বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ অভিযোগে এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, বন বিভাগৰ কিছু কৰ্মচাৰীয়ে কাঠ মাফিয়াৰ সৈতে মিলি বনাঞ্চলৰ মূল্যৱান গছৰ কাঠ গোপনে স্থানান্তৰ কৰাৰ দৰে গুৰুতৰ কাণ্ড সংঘটিত কৰিছে।

স্থানীয় সূত্ৰে জনোৱা মতে, ছাগলখুটি PRF বনাঞ্চলত সাম্প্ৰতিক ধুমুহাত কিছুমান শাল, শেগুণ আৰু গমাৰী গছ বাগৰি পৰিছিল। এই ঘটনাৰ পিছতেই বহলপুৰ আঞ্চলিক বন বিষয়া পাঞ্চালী হাজৰিকা আৰু সহকাৰী আজিতেশ্বৰ ৰায়ে ঘটনাস্থলীত উপস্থিত হৈ শাল গছ কাটি লৈ আহে বুলি জানিব পৰা গৈছে।
কিন্তু অভিযোগ উঠিছে যে শেগুণ আৰু গমাৰী গছসমূহ কাঠ মাফিয়া ছমেদ আলীক দিয়া হৈছিল। উল্লেখযোগ্য যে ফলিমাৰী বেলতলি গাঁৱৰ বাসিন্দা ছমেদ আলী, যিজন এজন কাঠ ফলা মিলৰ স্বত্বাধিকাৰী, তেওঁ এই গছসমূহ দুখনকৈ ট্ৰেক্টৰত উঠাই লৈ যোৱা দেখা গৈছে।
প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি, বন বিভাগে ছমেদ আলীক ধুমুহাত বাগৰি পৰা গছসমূহ উঠাই নিয়াৰ বাবে অনুমতি প্ৰদান কৰিছিল। কিন্তু এই অনুমতিৰ প্ৰকৃতি আৰু বৈধতা লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে।

স্থানীয় সচেতন মহলৰ মতে, যদি এই অভিযোগসমূহ সত্য হয়, তেন্তে এইটো কেৱল নিয়ম লংঘন নহয়, বৰং বন সংৰক্ষণ ব্যৱস্থাৰ ওপৰত এক ডাঙৰ প্ৰশ্নচিহ্ন। বন বিভাগৰ দায়িত্বত থকা বিষয়া সকলে এনেদৰে কাঠ মাফিয়াৰ সৈতে জড়িত হোৱাৰ অভিযোগে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এতিয়া মূল প্ৰশ্ন হৈছে—
বন বিভাগে প্ৰকৃততে নিয়ম মানি এই কাঠসমূহ অপসাৰণৰ অনুমতি দিছিল নে কিবা অসাধু চুক্তিৰ জড়িততা আছে?
এই ঘটনাৰ ওপৰত উচিত তদন্ত কৰি সত্য উন্মোচন কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
