
১৫ মে’ত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। পৰিয়াল, আত্মীয়-স্বজনৰ মাজত চলি আছিল আনন্দৰ প্ৰস্তুতি। কিন্তু ভাগ্যৰ নিষ্ঠুৰ পৰিহাসে সেই সুখৰ মুহূৰ্তক পৰিণত কৰিলে গভীৰ শোকত। মহানগৰীত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰ্মিনা আহমেদে।

যিখন দিনত হ’ব লাগিছিল তেওঁৰ বিবাহ, সেই সময়তেই পৰিয়ালৰ বুকুত নামি আহিল অন্ধকাৰ। বিবাহৰ আয়োজন থমকি ৰ’ল, আৰু তাৰ ঠাইত সম্পন্ন হ’ল আৰ্মিনাৰ জানাজা।

আৰ্মিনাৰ শেষকৃত্য বঙাইগাঁও জিলাৰ নোৱাপাৰাত সম্পন্ন কৰা হয়। পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ নামি আহিছে। এক সম্ভাৱনাময় জীৱনৰ এই দুখজনক অন্তে সকলোকে স্তম্ভিত কৰি তুলিছে

উল্লেখযোগ্য যে, আৰ্মিনা আহমেদ আছিল আছাম ডাউন টাউন ইউনিভাৰ্চিটীৰ ছিভিল ইঞ্জিনীয়াৰিঙৰ বি-টেকৰ এগৰাকী ছাত্ৰী। অধ্যয়ন আৰু ভৱিষ্যৎক লৈ বহু সপোন লৈ আগবাঢ়ি যোৱা এইগৰাকী যুৱতীৰ অকাল মৃত্যুয়ে বন্ধু-বান্ধৱ আৰু শিক্ষকসকলোকো গভীৰভাবে আঘাত কৰিছে।
