Guwahati Crime । গুৱাহাটী মহানগৰীত পুনৰ এবাৰ পোহৰলৈ আহিল এক শিহৰণকাৰী শিশু নিৰ্যাতনৰ ঘটনা। মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত দেওবাৰে সন্ধিয়া District Labour Task Force-এ দণ্ডাধিশৰ উপস্থিতিত চলোৱা এটা অভিযানত বক্স পালেঙৰ ভিতৰত বন্দী কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় এজনী ১৩ বছৰীয়া কিশোৰীক।

এই ঘটনাটো সংঘটিত হৈছে পাঞ্জাবাৰীৰ জুৰিপাৰা অঞ্চলৰ হাউছ নং ৬৯ত। অভিযোগ অনুসাৰে, উক্ত ঘৰখনৰ বাসিন্দা আমৰিন আখতাৰ লস্কৰ নামৰ এগৰাকী মহিলাই কিশোৰীগৰাকীক প্ৰায় ৬ বছৰৰ পৰা গৃহ শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছিল। এই সময়ছোৱাত কিশোৰীগৰাকীক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত কৰ্তৃপক্ষই অভিযান চলোৱাৰ পূৰ্বেই উমান পাই অভিযুক্ত মহিলাগৰাকীয়ে কিশোৰীগৰাকীক প্ৰায় ২৫ মিনিট ধৰি ডিভানৰ বাকচৰ ভিতৰত সুমুৱাই ৰাখিছিল বুলি জানিব পৰা গৈছে। অভিযান চলোৱাৰ সময়তে কিশোৰীগৰাকীক বাকচৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয়।

উদ্ধাৰৰ পিছত কিশোৰীগৰাকীক তৎক্ষণাৎ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয় আৰু প্ৰয়োজনীয় চিকিৎসা আৰু কাউন্সেলিং ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ঘটনাটোক লৈ মহানগৰীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

শিশু শ্ৰম আৰু শিশু নিৰ্যাতনৰ দৰে জঘন্য অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন সামাজিক সংগঠনে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তৰ বিৰুদ্ধে আইনানুগ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে।

