Zubeen Garg Death । জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াত দ্ৰুত অগ্ৰগতি নিশ্চিত কৰিবলৈ অসম কেবিনেটে চৰকাৰী অধিবক্তাৰ এটা দল নিযুক্তিত অনুমোদন জনোৱাৰ পাছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত প্ৰকাশিত এক আবেগঘন বাৰ্তাত গৰিমাই এই যুঁজখন কেৱল এটা পৰিয়ালৰ নহয়, বৰঞ্চ সমগ্ৰ অসমৰ যুঁজ বুলি উল্লেখ কৰে।

গৰিমা শইকীয়া গাৰ্গে কয়, “আজি Public Prosecutorৰ Teamটো ঘোষণা কৰা হ’ল। সৰ্বশ্ৰী জিয়াউৰ কামাৰ মহোদয়ক প্ৰমুখ্য কৰি ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ ডাঙৰীয়ালৈ আমাৰ নমস্কাৰ, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।” আইনৰ জগতখনত এই অধিবক্তাসকলৰ প্ৰজ্ঞা, বহু-বছৰজোৰা সাধনা আৰু অভিজ্ঞতাই তেওঁলোকক সাহস আৰু শক্তি যোগাব বুলি আশা প্ৰকাশ কৰে গৰিমাই।

তেওঁ লগতে লিখে, “এতিয়া কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব। ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰুৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব বুলি আমি বিশ্বাস কৰোঁ।”

অভিযোগীক আটাইতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰি গৰিমাই কয়, “আশা কৰিছোঁ, আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাব। তাৰ বাবে আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্ৰাৰ্থনা, শুভকামনা আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ সদায় আপোনালোকৰ সৈতে থাকিব।”
দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰে যে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতি অসম চৰকাৰৰ সম্পূৰ্ণ দায়িত্ব আছে। “সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ লগত জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আৱেগ আৰু অভিমান। যিহেতু এই যুঁজখন হত্যাকাৰী নৰপিশাচকেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, সেয়ে এই বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু ফলপ্ৰসূ কৰাৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ,” বুলি কয় গৰিমাই।

অসমবাসীৰ সহায়-সহযোগিতা কামনা কৰি তেওঁ শেষত লিখে, “সদায় বিচৰাৰ দৰেই অসমৰ ৰাইজ, চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ সহায়, সম্পূৰ্ণ সহযোগিতা, লগতে সঠিক আৰু শুদ্ধ দিহা-পৰামৰ্শো বিচাৰিছোঁ। আমাৰ সহায় হৈ থাকক সকলো। ভগৱান আমাৰ সহায় হওক আৰু বিজয় সুনিশ্চিত কৰক।”
