গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাস ৰিজাৰ্ভ ক্লোছ

গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাস ৰিজাৰ্ভ ক্লোছ

ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসক আজি ৰিজাৰ্ভ ক্লোছ কৰা হৈছে। পূৰ্বে তামাৰহাট থানাত কৰ্তব্যৰত থকা সময়ছোৱাত তদন্তত গাফিলতি কৰা বুলি বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল।

এই অভিযোগক কেন্দ্ৰ কৰি আজি ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত সংগঠনসমূহে পাঁচটাকৈ দাবী উত্থাপন কৰে। প্ৰতিবাদৰ পিছতেই তাৎক্ষণিকভাৱে ধুবুৰী জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকে পদক্ষেপ গ্ৰহণ কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসক ৰিজাৰ্ভ ক্লোছ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, উত্থাপিত পাঁচটা দাবীৰ ভিতৰত এটা দাবী তৎকালীনভাৱে কাৰ্যকৰী কৰি আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীৰ অসন্তোষ কিছুমানে হ্ৰাস পোৱাত সহায় কৰে। অৱশিষ্ট দাবীসমূহ সন্দৰ্ভত পৰৱৰ্তী সময়ত উপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়া হৈছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top