Crime News । দক্ষিণ কামৰূপৰ বকোৰ বিভিন্ন ঠাইত অবৈধ তীৰৰ ৰমৰমীয়া বেহা, আৰক্ষী-প্ৰশাসনৰ নীৰৱ ভূমিকা লৈ স্থানীয়ৰ প্ৰশ্ন

দক্ষিণ কামরূপৰ বকোৰ বিভিন্ন স্থানত অব্যাহতভাৱে চলি থকা অবৈধ তীৰৰ টিকট বিক্ৰি এতিয়া স্থানীয় ৰাইজৰ গভীৰ উদ্বেগৰ কাৰণ হয়ে উঠিছে। আমাৰ সংবাদ দলৰ অনুসন্ধানমূলক কেমেৰাত ধৰা পৰিছে একাধিক অশান্তিকৰ দৃশ্য, য’ত কোনো ভয়-শংকা নকৰি সংগঠিতভাৱে চলি আছে এই বেআইনী বেচবিক্ৰী।

চুকুনিয়া পাৰাৰ চকত টিকট বিক্ৰি
চুকুনিয়া পাৰাৰ মূখ্য চকখনত চকীৰ ওপৰত টেবুল পাৰি বিক্ৰেতাসকলক মুকলি বাজারতেই তীৰৰ টিকট বিক্ৰি কৰি থকা অৱস্থাত দেখা যায়।
যিয়ে অত্যন্ত উদ্বেগজনক—চকখনৰ সন্মুখতেই আছে এখন বিদ্যালয়। বিদ্যালয়ৰ কাষতে দীৰ্ঘদিন ধৰি চলি অহা এই বেআইনী বেহাৰ বিষয়ে বহুবার সংবাদ বাহিৰ হোৱা সত্ত্বেও কোনো প্ৰশাসনিক পদক্ষেপ দৃষ্টিগোচৰ নহোৱা স্থানীয় ৰাইজৰ অভিযোগ।

চেখাদাৰী চকৰো একে দৃশ্য
বকোৰ চেখাদাৰী চকখনতো বেছি কম নহয়। একেধৰণে চোকু-চকুতেই চলি আছে তীৰৰ টিকট বিক্ৰিৰ ৰমৰমীয়া। বিক্ৰেতাসকল কোনো আইনী ভয়-ভীতি নোহোৱাকৈ কাৰ্যব্যস্ত।
জানিব পৰা মতে, এইসকল বিক্ৰেতা কেৱল “কর্মচাৰী”—এওঁলোক কোনো প্ৰভাবশালী “মালিকৰ” অধীনত কাম কৰে বুলি স্থানীয় সূত্রৰ অভিমত।
- এওঁলোকৰ মালিক কোনে?
- কাৰ আশীৰ্বাদত মুকলিকৈ চলিছে তীৰৰ চক্র?
- ধাৰাবাহিক সংবাদ প্ৰকাশ পোৱা সত্ত্বেও কিয় প্ৰশাসনে কোনো কঠোৰ ব্যৱস্থা নলয়?
- আইন-প্ৰশাসনকো এওঁলোক ভয় নকৰে নেকি?
এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়াও অস্পষ্ট।
ইমানেই নহয়, অবৈধ তীৰ চক্রৰ বিৰুদ্ধে সংবাদ প্ৰকাশ কৰিলেই কিছুমান অভিযানত সংবাদকৰ্মীহে লক্ষ্যবস্তু হৈ পৰে বুলি অভিযোগও উঠিছে।
অনুসন্ধান অব্যাহত
সত্য পোহৰলৈ আনি জনসাধাৰণক অৱগত কৰিবলৈ আৰক্ষীৰ অনুসন্ধানৰ প্ৰয়োজন
