‘মই ভয় নকৰো, এই ৰায় অবৈধ…’মৃত্যুদণ্ডৰ ঘোষণাৰ পিছতে শ্বেখ হাছিনাৰ প্ৰতিক্ৰিয়া । Sheikh Hasina

‘মই ভয় নকৰো, এই ৰায় অবৈধ…’মৃত্যুদণ্ডৰ ঘোষণাৰ পিছতে শ্বেখ হাছিনাৰ প্ৰতিক্ৰিয়া । Sheikh Hasina

Sheikh Hasina । ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰিবিউনেলে সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে ঘোষনা কৰে মৃত্যুদণ্ড। দেশান্তৰিত অৱস্থাত থকা হাছিনাই ৰায়ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সবলভাৱে কয়— “এই ৰায় পক্ষপাতদুষ্ট আৰু অবৈধ।”

হাছিনাই স্পষ্ট ভাষাত কয় যে, তেওঁৰ বিৰুদ্ধে আনমানুৱা অধিকাৰ লঙ্ঘনৰ অভিযোগৰ সপক্ষে একো প্ৰমাণ নাথাকে। তেওঁৰ দাবী, নিজৰ শাসনকালত বাংলাদেশ উন্নয়ন আৰু মানবাধিকাৰ দুয়ো দিশতেই আগুৱাই গৈছিল, যাৰ বাবে তেওঁ গৰ্বিত।

হাছিনাৰ অভিযোগ— ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে অনিৰ্বাচিত চৰকাৰৰ নিয়ন্ত্ৰণত থকা এক ট্ৰিবিউনেলে এই ৰায় দিয়ে। আৱামী লীগক ৰাজনৈতিকভাৱে দমন কৰা আৰু শেষজন বৈধ প্ৰধানমন্ত্ৰীক অপসাৰণ কৰাৰ ষড়যন্ত্ৰই এই সিদ্ধান্তৰ মূল বুলি তেওঁৰ মত।

মঙলবাৰে আৱামী লীগের আহ্বানত দেশজুৰি বন্ধৰ ডাক দিয়া হৈছে।

শ্বেখ হাছিনাই আরোপ কৰে— ইউনুছৰ নিয়ন্ত্ৰণত দেশটো সামাজিকভাৱে পশ্চাদপদ হৈছে; নাৰী, সংখ্যালঘু আৰু ভিন্নমতৰ লোকসকল তেওঁলোকৰ শাসনত নিয়মিত আক্রমণৰ সন্মুখীন হৈছে। অৰ্থনীতি বিপৰ্যস্ত, আৰু ক্ষমতাত টিকে থাকিবলৈ ইচ্ছাকৃতভাৱে নিৰ্বাচনৰ দিন চেৰাইছে ইউনুছে। আৱামী লীগ নিষিদ্ধ কৰা হৈছে— যাক হাছিনাই ‘গণতন্ত্ৰ বিনাশৰ নীলনক্সা’ বুলি মন্তব্য কৰে।

হাছিনাই অভিযোগ কৰে যে, তেওঁৰ বিৰুদ্ধে ট্ৰিবিউনেল গঢ়াৰ পিছত তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া হোৱা নাই, আৰু নিজৰ ইচ্ছামতে আইনজীবী নিৰ্বাচনৰ অধিকাৰো বঞ্চিত কৰা হৈছে।

“মই উপযুক্ত প্ৰমাণসহ যে কোনো বৈধ আদালতৰ সন্মুখীন হ’বলৈ ভয় নকৰো,” হাছিনাৰ দৃঢ় উক্তি। কিন্তু তেওঁ কয়, অন্তর্বর্তীকালীন চৰকাৰে এই প্ৰত্যাহ্বান গ্ৰহণ নকৰে, কিয়নো— “আন্তৰ্জাতিক অপৰাধ আদালতত গোচৰ গ’লে মোক ৰেহাই দিয়া হব বুলি তেওঁলোকে জানে।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top