Delhi Blast Update । দিল্লীৰ লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ সমীপত হোৱা বোমা বিস্ফোৰণক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে সন্ধিয়া প্ৰায় ৬.৫২ বজাত সংঘটিত এই বিস্ফোৰণত বৰ্তমান পৰ্যন্ত ৯ জনৰ মৃত্যু আৰু কেইবাজনো আহত হোৱাৰ তথ্য প্ৰকাশ পাইছে। বিস্ফোৰণ হোৱা গাড়ীখনত সন্ত্ৰাসবাদী ডাঃ মহম্মদ উমৰ আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাসমূহে।

সূত্ৰমতে, উমৰ ফৰিদাবাদ মডিউলৰ অংশ হ’ব পাৰে। উল্লেখযোগ্য যে, এই মডিউলক লৈ ইতিমধ্যে আৰক্ষীয়ে হাৰিয়ানাৰ ফৰিদাবাদ আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এক বৃহৎ অভিযান চলাইছিল। অভিযানৰ সময়ত উদ্ধাৰ কৰা হৈছিল প্ৰায় ২৯০০ কিলোগ্ৰাম সন্দেহযুক্ত বিস্ফোৰক সামগ্ৰী (এমোনিয়াম নাইট্ৰেট)। লগতে গ্ৰেপ্তাৰ কৰা হৈছিল দুজন চিকিৎসক — ডাঃ মুজাম্মিল আহমেদ আৰু লক্ষ্ণৌৰ ডাঃ শ্বাহিনা শ্বাহিদক।
তদন্তসূত্ৰে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ধৃত শ্বাহিনা শ্বাহিদ কেৱল এগৰাকী চিকিৎসক নহয়, তেওঁ জইছ-ই-মহম্মদৰ মহিলা শাখা “জামাত-উল-মুমিনাত”ৰ ভাৰতীয় কমাণ্ডাৰ হিচাপেও কাৰ্য্যৰত আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ পৰা পৰিচালিত এই সংগঠনটোৰ মুৰব্বী হৈছে মাছুদ আজহাৰৰ ভগ্নী তথা ইউছুফ আজহাৰৰ পত্নী সাদিয়া আজহাৰ।
ইতিমধ্যে ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা ডাঃ মুজাম্মিল আহমেদৰ ঘৰখনৰ পৰা উদ্ধাৰ কৰা হৈছে বিপুল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী, ৰাইফল আৰু মেগজিন। জেৰাৰ সময়ত তেওঁ শ্বাহিনা শ্বাহিদৰ নাম প্ৰকাশ কৰিছিল বুলি সূত্ৰই জনায়। তাৰ পাছতেই লক্ষ্ণৌত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় শ্বাহিনাক।
তদন্তকাৰী সংস্থাসমূহে এতিয়া সন্দেহ কৰিছে যে দিল্লীৰ লালকিল্লাৰ বিস্ফোৰণ ফৰিদাবাদ মডিউলৰ সৈতে সম্পৃক্ত হ’ব পাৰে। যাহওক, এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে তদন্ত অব্যাহত আছে।
দেশজুৰি এই ঘটনাই এক নতুন চিন্তাৰ সৃষ্টি কৰিছে, বিশেষকৈ চিকিৎসক আৰু শিক্ষিত পেশাজীৱীৰ মাজত সন্ত্রাসবাদী নেটৱৰ্কৰ উপস্থিতি লৈ। অনুসন্ধানকাৰী সংস্থাসমূহে এই নেটৱৰ্কৰ মূল ধাৰা উদঘাটনৰ বাবে সক্ৰিয়ভাৱে অভিযান অব্যাহত ৰাখিছে।
(তদন্ত চলি থকা বাবে কিছু তথ্য পৰৱৰ্তী সময়ত পৰিবৰ্তিত হ’বও পাৰে।)
