Roi Roi Binale Box Office । মুক্তিৰ প্ৰথম দিনৰ পৰাই চূড়ান্ত হিট হোৱা ‘ৰৈ ৰৈ বিনালে’ ছবিৰ বিপুল চাহিদাৰ পাছত গুৱাহাটীৰ একাংশ ছবিগৃহত টিকটৰ দামত হঠাৎ বৃদ্ধি দেখা গৈছে।

গুৱাহাটীৰ Cinepolis-ত ২২০ টকীয়া টিকট বৃদ্ধি পাই হৈছে ৩২০ টকালৈ। ২৪০ টকীয়া টিকট এতিয়া ৩৪০ টকালৈ উঠিছে। লগতে VIP ক্লাছৰ ৪৫০ টকীয়া টিকট বৃদ্ধি পাই হৈছে ৬০০ টকালৈ।
অন্যদিশে PVR ছবিগৃহতেও টিকটৰ দাম বৃদ্ধি কৰা হৈছে। Prime Plus ক্লাছৰ টিকট ৩৩০ টকাৰ পৰিবৰ্তে এতিয়া ৪২০ টকা, Prime ক্লাছৰ ২৮০ টকীয়া টিকট এতিয়া ৩৮০ টকা, আৰু Classic ক্লাছৰ ২৫০ টকীয়া টিকট এতিয়া ৩৬০ টকাকৈ বিক্ৰী কৰা হৈছে।

প্ৰতিটো শ্ৰেণীৰ টিকটৰ দামত প্ৰায় ১০০ টকাকৈ বৃদ্ধি হোৱা দেখা গৈছে। ছবিখন চাবলৈ দৰ্শকৰ ভিৰ দিনক দিনে বৃদ্ধি পাই থাকিবলৈ গৰাকী, আৰু সেই চাহিদাৰ ফলস্বৰূপেই ছবিগৃহ ব্যৱস্থাপনায় এই বৃদ্ধি আনে বুলি অনুমান কৰা হৈছে।
দৰ্শকসকলৰ মতে, “ছবিখন দৃষ্টিনন্দন আৰু হৃদয়স্পৰ্শী, কিন্তু টিকটৰ দাম বৃদ্ধি সামান্য ধাক্কা দিছে।”
তথাপি, ‘ৰৈ ৰৈ বিনালে’-ৰ জ্বৰ এতিয়াও গুৱাহাটীৰ ছবিগৃহসমূহত অব্যাহত।
