গুৱাহাটী, ২২ অক্টোবৰঃ
Zubeen Garg Death Case । অসমবাসীৰ হৃদয়ৰ সংগীত সম্রাট জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বাবে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ আন্দোলন। ৰাস্তাৰ পৰা সোশ্যাল মিডিয়ালৈ — সকলো ঠাইত এতিয়া ধ্বনি উঠিছে “জুবিনৰ ন্যায় চাই”। ডিজিটেল আন্দোলনো বৰ্তমান নতুন গতি লাভ কৰিছে।

এই পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে তেওঁৰ সোশ্যাল মিডিয়া একাউণ্টত এটা বিশেষ পোষ্ট শেয়ার কৰি ন্যায়কামী অসমবাসীলৈ এখন গুৰুত্বপূর্ণ আহ্বান জনায়।

তেওঁ লিখে —
“আমি যেন সত্য প্ৰকাশ আৰু ন্যায় নোপোৱালৈকে ৰৈ নাথাকো। আমি আমাৰ নিজৰ জুবিন গাৰ্গৰ বাবে সত্য আৰু ন্যায় বিচাৰোঁ — এয়া আমাৰ অধিকাৰ!”
তেওঁৰ এই আহ্বানে ইতিমধ্যে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। অসংখ্য ভক্ত আৰু ন্যায়কামী নাগৰিকে পামী বৰঠাকুৰৰ এই আহ্বানত সাড়া দিয়ে মন্তব্য কৰিছে — “জুবিনৰ ন্যায় হ’বই লাগিব”, “আমাৰ সংগ্ৰাম চলি থাকিব”।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত দিনক দিনে নতুন নতুন তথ্য প্ৰকাশ পাই থকা অৱস্থাত, পামী বৰঠাকুৰৰ এই বক্তব্যে আন্দোলনটোক পুনৰ উদ্দীপিত কৰি তুলিছে।
