Zubeen Garg Death । গৰিমা শইকীয়া গাৰ্গে লাভ কৰিলে জুবিন গাৰ্গৰ GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তদন্তত পোহৰলৈ আহিব পাৰে নতুন তথ্য

অসমবাসীৰ প্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ পুনৰ এক গুৰুত্বপূৰ্ণ বিকাশ ঘটিছে। মৃত্যুৰ পাছত আৰম্ভ হোৱা তদন্তৰ মাজতেই, গৰিমা শইকীয়া গাৰ্গে লাভ কৰিছে GMCHত সম্পন্ন হোৱা দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

সূত্ৰ অনুসৰি, SITৰ তদন্তকাৰী বিষয়া মৰমী দাসে শুক্ৰবাৰে গুৱাহাটী মেডিকেল কলেজ তথা GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনটো গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰে।

ইয়াৰ পূৰ্বে, ২ অক্টোবৰত গৰিমা গাৰ্গে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছিল। ছিংগাপুৰৰ প্ৰতিবেদনত যদিও মৃত্যুৰ কাৰণক “দুৰ্ঘটনাজনিত” বুলি উল্লেখ কৰা হৈছিল, তথাপিও গৰিমা শইকীয়া গাৰ্গৰ সন্দেহ অব্যাহত আছিল।

ৰাইজৰ দাবী আৰু গৰিমাৰ অনুমতিৰ ভিত্তিতেই অসম চৰকাৰে GMCHত দ্বিতীয় মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। এই দ্বিতীয় প্ৰতিবেদনত কি নতুন তথ্য উন্মোচিত হৈছে, তাৰ ওপৰত বৰ্তমান সকলোৰ চকু।
গৰিমা গাৰ্গে সংবাদমাধ্যমক জনাইছে—
“আমি প্ৰতিবেদনটো সাৱধানে অধ্যয়ন কৰিম। সকলো তথ্য পৰ্যালোচনা কৰাৰ পাছতে সিদ্ধান্ত ল’ম, আৰু তাৰপাছতহে প্ৰতিবেদনটো ৰাজহুৱা কৰা হ’ব।”
এই ঘটনাৰ পাছত অনুমান কৰা হৈছে, GMCHৰ প্ৰতিবেদনত কিছু নতুন প্ৰমাণ বা অসঙ্গতিৰ উল্লেখ থাকিব পাৰে, যাৰ ফলত SIT তদন্তত নতুন দিশ খুলিব পাৰে।

