চকুত চকুলো, মুখত মায়াবিনী… শত-সহস্ৰ অনুৰাগীৰ মাজত আজি নিৰৱ হৈ পৰি আছে অসমৰ হৃদয়ৰ স্পন্দন । zubeen garg

চকুত চকুলো, মুখত মায়াবিনী… শত-সহস্ৰ অনুৰাগীৰ মাজত আজি নিৰৱ হৈ পৰি আছে অসমৰ হৃদয়ৰ স্পন্দন । zubeen garg

zubeen garg । চকুত চকুলো, মুখত মায়াবিনী… শত-সহস্ৰ অনুৰাগীৰ মাজত আজি নিৰৱ হৈ পৰি আছে অসমৰ হৃদয়ৰ স্পন্দন—প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। বিদেশৰ সাগৰৰ বুকুত চিৰদিনৰ বাবে নিদ্ৰাত শুই পৰিল গায়কজন। হাঁহিমুখে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ আজি ঘৰলৈ উভতিল কফিনৰ ভিতৰত। কোনেও মানি ল’ব নোৱাৰা এক বেদনাদায়ক বাস্তৱ। নিঠৰ দেহৰ কাষতে নিঃশব্দে বহি আছে পত্নী গৰিমা শইকীয়া গাৰ্গ।

সময় আজি যেন ৰৈ গ’ল। কায়িকভাৱে চিৰদিনৰ বাবে হেৰাই গ’লেও অনুৰাগীয়ে মানি ল’ব পৰা নাই এই কথাখিনি। সকলোৰে বিশ্বাস—তেওঁক জীয়াই ৰাখিব গানৰ মাজেৰে।

শনিবাৰে পুৱা প্ৰায় ৭ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমানখন। তাৰ পিছতে পুষ্পসজ্জিত বাহনত কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা হয়। অনুৰাগীৰ অগণন ভিৰ, শোকত নিমগ্ন সকলো। জুবিনক এবাৰ মাতি উঠিবলৈ, “মই জীয়াই আছো” বুলি ক’বলৈ সকলোৰে ব্যাকুলতা, কিন্তু সেই সুযোগ পুনৰ নাহে।

প্ৰথমে কাহিলীপাৰাৰ বাসগৃহত ৰখা হয় নশ্বৰ দেহ। অনুৰাগীয়ে ফুলেৰে সজাই তোলে বাসগৃহৰ পথ। তাৰ পিছত সৰুসজাই ষ্টেডিয়ামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান—লাখ লাখ অনুৰাগীৰ উপস্থিতি। সঁচাকৈয়ে জনতাৰ শিল্পী আছিল জুবিন।

সূত্ৰৰ খবৰ অনুসৰি, গুৱাহাটীৰ সোণাপুৰৰ কুমাৰকুছিৰ হাতীমূৰাত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য। ইতিমধ্যে প্ৰশাসনে স্থান পৰিদৰ্শন কৰি নিশ্চিত কৰিছে। পৰিয়ালে সন্মতি জনাইছে শেষকৃত্যৰ বাবে।

অসমীয়া আজি অপৰাগ। হিয়াৰ আমঠুক বিদায় জনাবলৈ মিলিছে লাখ লাখ অনুৰাগী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নহলেও, গীতৰ মাজেৰে, জনতাৰ মৰমত সজীৱ হৈ থাকিব চিৰকাল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top