Goalpara College । গোৱালপাৰা মহাবিদ্যালয়ত নবাগত আদৰণী সভাৰ মাজতেই অঘটন
ছাত্ৰ একতা সভাৰ সম্পাদক ফিৰোজ আহমেদৰ দ্বাৰা ছাত্ৰীক উৎপীড়নৰ অভিযোগ
গোৱালপাৰা মহাবিদ্যালয়ত আজিৰ দিনটোত অনুষ্ঠিত নবাগত আদৰণী সভাৰ মাজতেই সংঘটিত হয় এক লজ্জাজনক ঘটনা। অভিযোগ অনুসৰি, এন এছ ইউ আইৰ সমৰ্থিত ছাত্ৰ একতা সভাৰ বহিঃক্ৰীড়া সম্পাদক ফিৰোজ আহমেদে কেইজনমান বন্ধুৰ সহযোগত হিন্দু সম্প্ৰদায়ৰ এগৰাকী ছাত্ৰীক বলপূৰ্বকভাৱে উৎপীড়নৰ চেষ্টা কৰে।

ঘটনাটোৰ সময়ত, মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাত অধ্যয়নরত ছাত্ৰীজনীকে সভা চলি থকা অৱস্থাতে কাৰ্যালয়ৰ এখন কোঠালিত লৈ যোৱাৰ পিছত জৰিয়াতি উৎপীড়নৰ চেষ্টা কৰা হয়। ছাত্ৰীজনী চিঞৰিবলৈ ধৰাত অন্যান্য ছাত্ৰ-ছাত্ৰীয়ে ঘটনাটো ধৰি পেলাই কোঠালিত প্ৰৱেশ কৰি ছাত্ৰীজনীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত ফিৰোজ আহমেদক আটক কৰে।
এই ঘটনা প্ৰকাশ পাবলৈ লগাত লগেই মহাবিদ্যালয়ৰ নবাগত আদৰণী সভা বন্ধ হৈ পৰে আৰু লৰা-ছোৱালীয়ে একযোগে “আমাক ন্যায় লাগিবই”, “ফিৰোজ আহমেদক বহিষ্কাৰ কৰক” বুলি শ্লোগানেৰে মহাবিদ্যালয়ৰ চৌহদ উত্তপ্ত কৰি তোলে।

শেষত, গোৱালপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ফিৰোজ আহমেদক গ্ৰেপ্তাৰ কৰি সদৰ থানালৈ নিয়ে যায়। আনহাতে এবিভিপি, বজৰং দল, আছু, স্বজাতীয় ছাত্ৰ সংগঠনক লৈ বিভিন্ন সংগঠনে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সদৰ থানাৰ চৌহদত শ্লোগান দিয়ে।
সম্প্ৰতি, ফিৰোজ আহমেদ গোৱালপাৰা সদৰ থানাত আটক হৈ আছে। পৰৱৰ্তী সময়ত মহাবিদ্যালয় পৰিচালনা সমিতি আৰু জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, তাক লৈ সকলোতকৈ বেছি উৎকণ্ঠা দেখা দিছে।
