নেপালত ফেচবুক-ইনষ্টাগ্ৰাম নিষিদ্ধৰ প্রতিবাদ উত্তাল, গুলীচালনাত নিহত ৯ । Why Nepal Banned Social Media

নেপালত ফেচবুক-ইনষ্টাগ্ৰাম নিষিদ্ধৰ প্রতিবাদ উত্তাল, গুলীচালনাত নিহত ৯ । Why Nepal Banned Social Media । Nepal Protests

Nepal Protests । Why Nepal Banned Social Media । নেপালত ফেচবুক-ইনষ্টাগ্ৰাম নিষিদ্ধৰ প্রতিবাদ উত্তাল, গুলীচালনাত নিহত ৯

নেপাল চৰকাৰে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ, এক্স, ৰেডিট আদি ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ পিছত দেশখনত ভয়ংকৰ সংকটজনক পৰিস্থিতি সৃষ্টি হৈছে। এই সিদ্ধান্তৰ বিৰুদ্ধে জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ ছাত্ৰ-যুৱক-যুৱতীৰ নেতৃত্বত দেশজুৰি ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে।

📍 চাঞ্চল্যকৰ ঘটনা
প্ৰতিবাদীসকলে ৰাজধানী কাঠমাণ্ডুত সংসদ ভবনত প্ৰৱেশ কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈ পৰে। আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছ নিক্ষেপ কৰি প্ৰতিবাদীসমূহক প্ৰত্যাহাৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু সফল নোহোৱাত গুলীচালনা কৰে আৰক্ষীয়ে। এই গুলীচালনাত ৯ গৰাকী প্ৰতিবাদকাৰী নিহত আৰু শতাধিক আহত হৈছে বুলি সূত্ৰৰ খবৰ।

📍 চৰকাৰৰ পদক্ষেপ
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যেই কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে। নেপাল চৰকাৰে কয়—

  • যেতিয়া ছ’চিয়েল মিডিয়া কোম্পানীসমূহে নেপালত কাৰ্যালয় খুলি চৰকাৰৰ সৈতে পঞ্জীয়ন কৰিব,
  • অভিযোগ গ্ৰহণ আৰু নিষ্পত্তিৰ বাবে কৰ্মচাৰী নিযুক্তি দিব,
  • সমাজিক অশান্তি ৰোধৰ বাবে সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিব,
    তেতিয়াহে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব।

📍 জনগণৰ ক্ষোভ
চৰকাৰৰ এই পদক্ষেপত দেশবাসীয়ে বহুবিধ সমস্যাৰ সন্মুখীন হৈছে।

  • ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যৱসায় চলোৱা লোকসকলৰ ব্যৱসায় বন্ধ হৈ পৰিছে
  • ইউটিউব, গিটহাব আদি প্লেটফৰ্ম বন্ধ হোৱাত শিশুৰ শিক্ষা প্ৰভাৱিত হৈছে
  • বিদেশত থকা পৰিয়ালৰ সৈতে যোগাযোগ অতি ব্যয়বহুল আৰু কঠিন হৈছে

ফলত বহুতে ভিপিএন ব্যৱহাৰ কৰি নিষেধাজ্ঞা ভংগ কৰিবলৈ আৰম্ভ কৰিছে।

📍 টিকটকত প্ৰতিবাদ
লক্ষণীয়ভাৱে, টিকটক নিষিদ্ধ কৰা হোৱা নাছিল। ফলত নেপালী যুৱসমাজে টিকটকতে প্ৰতিবাদী ভিডিঅ’ আপলোড কৰিবলৈ আৰম্ভ কৰে।

  • “#RestoreOurInternet” হেচটেগৰ অধীনত দুৰ্নীতি, নিবনুৱা আৰু ৰাজনৈতিক বৈষম্যক লৈ ভিডিও ভাইৰেল হৈছে।
  • স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে ইউনিফৰ্ম পিন্ধিয়েই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে।
  • আন্দোলন সম্পূৰ্ণভাৱে ছাত্ৰ আন্দোলনৰ ৰূপ লৈছে।

👉 ছ’চিয়েল মিডিয়া নিষিদ্ধৰ বিৰুদ্ধে আৰম্ভ হোৱা এই আন্দোলন এতিয়া নেপালত দুৰ্নীতি আৰু নিবনুৱা সমস্যাৰ বিৰুদ্ধেও এক বৃহৎ গণআন্দোলনত পৰিণত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top