৫গৰাকীকৈ লোকক হত্যা কৰা ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু! আৰক্ষীৰ গুলীত নিহত হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত

৫গৰাকীকৈ লোকক হত্যা কৰা ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু! আৰক্ষীৰ গুলীত নিহত হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত

৫গৰাকীকৈ লোকক হত্যা কৰা ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু! আৰক্ষীৰ গুলীত নিহত হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত

গুৱাহাটীৰ হোটেল বিলাস ইনত পাঁচগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰা নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যু। শিৱসাগৰৰ ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত পুৱতি নিশা আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীৰ ঘটনাত গুৰুতৰভাৱে আহত হয় ঘনকান্ত। পৰৱৰ্তী সময়ত আৰক্ষীৰ গুলীত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, আন এটা গোচৰৰ তদন্তৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ঘনকান্ত গগৈক শিৱসাগৰ আৰক্ষীয়ে থানালৈ লৈ গৈ আছিল। সেই সময়তে পুৱতি নিশা প্ৰায় ৩.১০ বজাত ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পিষ্টল কাঢ়ি লৈ পলায়নৰ চেষ্টা চলায় ঘনকান্তই। এই সময়তে আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয় আৰু ঘনকান্তই তিনিজাঁই গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাত ঘনকান্তৰ বুকুত গুলী লাগে। আনহাতে, এই ঘটনাত আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাও আহত হয়। তেওঁৰ ভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে।

ইফালে, আৰক্ষীৰ বাহনখনতো তিনিজাঁই গুলীৰ চিহ্ন পোৱা গৈছে। ইয়াৰে দুটা গুলী বাহনখনৰ পিছফালৰ দুৱাৰ আৰু বাম্পাৰত লাগে বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ঘটনাস্থলীত বেৰিকেড স্থাপন কৰি শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত তদন্ত আৰম্ভ কৰা হৈছে। ঘটনাৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতিৰ সবিশেষ জানিবলৈ আৰক্ষীৰ ফৰেনচিক বিশেষজ্ঞৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ তথ্য-প্ৰমাণ সংগ্ৰহ কৰিছে।

আনহাতে, আহত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি শিৱসাগৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে।

উল্লেখ্য যে, গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচটাকৈ হত্যাকাণ্ডৰ পিছৰে পৰা আৰক্ষীৰ জিম্মাত থকা ঘনকান্ত গগৈ এই ঘটনাৰ মূল অভিযুক্ত আছিল। তেওঁৰ মৃত্যুৰ খবৰে পুনৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top