Miya Assam । শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ ঘোষণা । শিৱসাগৰত অনুষ্ঠিত এক বিশেষ বৈঠকত জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই গুৰুত্বপূর্ণ ঘোষণা কৰে। তেওঁ স্পষ্টভাৱে কয় যে গৰীয়া-মৰীয়া, দেশী-জলহা, চৈয়দ আদি খিলঞ্জীয়া লোকৰ উজনিলৈ আগমনত কোনো বাধা নাই। তেওঁ অধিক কৈ প্ৰকাশ কৰে যে মিঞাৰ বিৰুদ্ধে সংগ্ৰাম বৰ্তমানো চলি আছে আৰু আগলৈও চলি থাকিব।

চিতু বৰুৱাই লগতে এই ঘোষণা কৰে যে প্ৰয়োজন দেখা দিলে এই সকলো খিলঞ্জীয়া সমাজৰ লোকক সংগ্ৰামী সেনা অসমে সদায় সহায় কৰিব। তেওঁ উল্লেখ কৰে, “আমাৰ লক্ষ্য একেই — অসমীয়াৰ অস্তিত্ব ৰক্ষা আৰু মিঞা সন্ত্রাসৰ বিৰুদ্ধে একত্ৰিত সংগ্ৰাম।”
এই ঘোষণা শিৱসাগৰ জুৰি ইতিমধ্যেই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জাতীয় সংগ্ৰামী সেনাই এই আহ্বানৰ জৰিয়তে খিলঞ্জীয়া সকলক ঐক্যবদ্ধ হোৱাৰ বার্তা প্ৰদান কৰিছে।
