‘হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে জড়িত নাছিল ঘনকান্ত’ — পত্নী জোনমণিৰ বিস্ফোৰক অভিযোগ

‘হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে জড়িত নাছিল ঘনকান্ত’ — পত্নী জোনমণিৰ বিস্ফোৰক অভিযোগ

‘হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে জড়িত নাছিল ঘনকান্ত’ — পত্নী জোনমণিৰ বিস্ফোৰক অভিযোগ

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ঘনকান্তৰ পত্নী জোনমণি গগৈয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰি দাবী কৰিছে যে হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে তেওঁৰ স্বামী কোনোপ্ৰকাৰে জড়িত নাছিল। এক বৃহৎ চক্ৰই পৰিকল্পিতভাৱে ঘনকান্তক এই ঘটনাত ব্যৱহাৰ কৰাৰ লগতে পিছত তেওঁক হত্যা কৰি প্ৰকৃত ৰহস্য গাপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে জোনমণিয়ে।

সাংবাদিকৰ আগত দিয়া সাক্ষাৎকাৰত জোনমণিয়ে কয় যে আলোচনাৰ বাবে মাতি নি এক ষড়যন্ত্ৰৰ জৰিয়তে ঘনকান্তক হত্যাকাণ্ডটোৰ সৈতে জড়িত কৰোৱা হৈছিল। এটা গোচৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত আন এটা সন্দেহযুক্ত গোচৰৰ তদন্তৰ নামত শিৱসাগৰ আৰক্ষীয়ে তেওঁৰ অধিবক্তা অথবা পৰিয়ালক অৱগত নকৰাকৈ পুনৰ জিম্মাত লোৱাক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ।

জোনমণিৰ অভিযোগ অনুসৰি, নিশাৰ ভাগত ঘনকান্তক শিৱসাগৰলৈ নিয়াৰ আঁৰত আছিল এক পৰিকল্পিত ষড়যন্ত্ৰ। বৃহৎ চক্ৰটোৰ প্ৰকৃত কাণ্ড যাতে পোহৰলৈ নাহে, তাৰ বাবেই ঘনকান্তক সাংবাদিকৰ আগত মুখ খুলিবলৈ দিয়া হোৱা নাছিল বুলিও দাবী কৰে পত্নীগৰাকীয়ে।

ইয়াৰ উপৰি ঘনকান্তই মদ্যপান নকৰিছিল বুলি দাবী কৰি জোনমণিয়ে কয় যে তেওঁৰ স্বামী কোনো কাৰণতে হত্যাৰ দৰে অপৰাধত জড়িত হ’ব নোৱাৰে। চক্ৰটোৱে প্ৰৰোচিত কৰি ঘনকান্তক এই ঘটনাত ব্যৱহাৰ কৰিছিল বুলিও অভিযোগ কৰে তেওঁ।

ইফালে, এই ঘটনাক লৈ মুখ খুলিছে ঘনকান্তৰ ভাতৃ শুভকান্ত গগৈয়েও। বৰপেটাৰ একাংশ লোকে কৰা প্ৰতিবাদক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে হেলেনা ভৰালী সন্দৰ্ভতো মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে যোৱা ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল বিলাস ইনত পাঁচজন লোকক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিহ্নিত ঘনকান্ত গগৈক যোৱা ৩ নৱেম্বৰৰ বিয়লি আন এটা অপৰাধৰ তদন্তৰ বাবে শিৱসাগৰলৈ লৈ যোৱা হৈছিল।

নিয়মীয়া বাৰ্তাৰ প্ৰতিব

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top