‘ঘনকান্ত গগৈক আৰক্ষীয়ে মৰা নাই, এনকাউণ্টাৰত মৃত্যু হৈছে’ — ঘনকান্তৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

‘ঘনকান্ত গগৈক আৰক্ষীয়ে মৰা নাই, এনকাউণ্টাৰত মৃত্যু হৈছে’ — ঘনকান্তৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

‘ঘনকান্ত গগৈক আৰক্ষীয়ে মৰা নাই, এনকাউণ্টাৰত মৃত্যু হৈছে’ — ঘনকান্তৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

ঘাতক ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ এনকাউণ্টাৰক লৈ শুকুৰবাৰে সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘনকান্ত গগৈৰ মৃত্যু এক অনাকাংক্ষিত আৰু দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰে তেওঁ।

মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত এখন গণতান্ত্ৰিক দেশ। এই দেশত আৰক্ষীৰ কোনো লোকক হত্যা কৰাৰ অধিকাৰ নাই। আৰক্ষীয়ে কাকো ইচ্ছামতে গুলীয়াই হত্যা কৰিব নোৱাৰে। মানুহ মৰাৰ অধিকাৰ যদি আৰক্ষীৰ থাকিলহেঁতেন, তেন্তে তেওঁ নিজেও নিজৰ শত্ৰুসকলক হত্যা কৰিব পাৰিলেহেঁতেন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

ঘনকান্ত গগৈৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ঘনকান্ত গগৈকো আৰক্ষীয়ে মৰা নাই, এনকাউণ্টাৰত মৃত্যু হৈছে ঘনকান্ত গগৈৰ। ঘনকান্ত গগৈ যিমান ডাঙৰ অপৰাধী নহওক কিয়, আৰক্ষীয়ে মাৰো বুলি মাৰি পেলাব নোৱাৰে। অপৰাধীৰ শাস্তি আদালতেই দিব।’’

তেওঁ লগতে কয় যে ঘনকান্ত গগৈয়ে আৰক্ষীক গুলীয়াবলৈ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰিবলগীয়া হৈছিল। হঠাতে আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ আৰক্ষীক গুলীয়াবলৈ চেষ্টা কৰিছিল ঘনকান্তই। সেই সময়ত আত্মৰক্ষাৰ স্বাৰ্থত আৰক্ষীয়ে গুলীচালনা কৰাত এনকাউণ্টাৰত মৃত্যু হয় ঘনকান্ত গগৈৰ।

ঘনকান্ত গগৈক এগৰাকী পেছাদাৰী হত্যাকাৰী বুলিও অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে তেওঁৰ মৃত্যুক কোনো আৰক্ষীয়ে ইচ্ছাকৃতভাৱে কৰা হত্যা নহয় বুলি স্পষ্ট কৰি দি ঘটনাটো দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top