২০৮ ঘণ্টা অতিক্ৰম অখিল গগৈৰ সত্যাগ্ৰহ, বানপীড়িতক উপযুক্ত ক্ষতিপূৰণৰ দাবী
অসম বিধানসভা চৌহদত পেভাৰ ব্লকৰ মজিয়াতে নিশা কটাইছে বিধায়ক অখিল গগৈয়ে
১৯ জুলাইৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবীত অসম বিধানসভা চৌহদত সত্যাগ্ৰহ অব্যাহত ৰাখিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সত্যাগ্ৰহৰ ৯ দিন অতিক্ৰম কৰাৰ লগতে ২০৮ ঘণ্টা ধৰি প্ৰতিবাদ অব্যাহত থকাৰ কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে।

সামাজিক মাধ্যমত কৰা এটা পোষ্টত অখিল গগৈয়ে উল্লেখ কৰে যে ১০ অক্টোবৰৰ নিশা প্ৰায় ২ বজাত, অৰ্থাৎ ১১ অক্টোবৰৰ পুৱতি নিশা, অসম বিধানসভা চৌহদৰ পেভাৰ ব্লক লগোৱা মজিয়াত এখন তুলী পাৰি তেওঁ শুই আছে। কিন্তু বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ন্যায় প্ৰদানৰ দাবীত চলোৱা এই প্ৰতিবাদৰ মাজত তেওঁৰ টোপনি অহা নাই বুলিও আক্ষেপ প্ৰকাশ কৰে।
অখিল গগৈৰ অভিযোগ অনুসৰি, ১৯ জুলাইৰ বানত ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে মাত্ৰ ৫৫ হাজাৰ পৰিয়ালকহে সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। তেওঁৰ দাবী, এই সংখ্যা মুঠ ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰায় এক-চতুৰ্থাংশহে। তদুপৰি, চৰকাৰে আগবঢ়াব বিচৰা সাহায্যৰ পৰিমাণো ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি অখিল গগৈয়ে অভিযোগ কৰে যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সমস্যা সমাধানৰ বাবে চৰকাৰ আগবাঢ়ি অহা নাই আৰু আলোচনাৰ জৰিয়তে বিষয়টোৰ সমাধান কৰাৰ ক্ষেত্ৰতো অনিচ্ছা প্ৰকাশ কৰিছে।
সামাজিক মাধ্যমৰ পোষ্টটোত বিধায়কগৰাকীয়ে নিজৰ লগতে চৰকাৰৰ কৰণীয় সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। বানপীড়িত ৰাইজক ন্যায় প্ৰদানৰ বাবে এতিয়া তেওঁ কি কৰা উচিত, চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰা উচিত আৰু ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ ভূমিকা কেনে হোৱা উচিত—সেই সন্দৰ্ভত তেওঁ মতামত বিচাৰে।
উল্লেখ্য যে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদানৰ দাবীত অখিল গগৈয়ে ২ অক্টোবৰৰ পৰা অসম বিধানসভা চৌহদত অনিৰ্দিষ্টকালীন সত্যাগ্ৰহ আৰম্ভ কৰিছিল। ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ বাবে উপযুক্ত আৰ্থিক সাহায্য নিশ্চিত কৰা আৰু চৰকাৰে ঘোষণা কৰা সাহায্য শীঘ্ৰে প্ৰদান কৰাটো তেওঁৰ মূল দাবী।

এতিয়া এই বিষয়ত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে আৰু বানপীড়িত পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ দাবী সন্দৰ্ভত চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত আলোচনাৰ কোনো পথ মুকলি হয় নেকি, সেয়া লক্ষণীয় হ’ব।

