জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰ: অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰ: অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰ: অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৫০ হাজাৰ টকাৰ বেইল বণ্ডৰ বিনিময়ত কেইবাটাও চৰ্ত সাপেক্ষে অমৃতপ্ৰভাৰ জামিন মঞ্জুৰ কৰা হয়।

কেইবাদিন ধৰি চলা শুনানিৰ অন্তত ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। জামিনৰ চৰ্ত অনুসৰি, অমৃতপ্ৰভাই নিজৰ গৃহ চহৰ এৰি যাব নোৱাৰিব। লগতে নিজৰ পাছপ’ৰ্ট আদালতত জমা দিব লাগিব।

উল্লেখ্য যে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত হাফলঙৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে তেওঁ জামিন লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top