আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অধিবক্তা অনিন্দিতা দাসক নিৰ্যাতনৰ অভিযোগ
চক্ৰ বিষয়াৰ নেতৃত্বত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ, জড়িতসকলৰ গ্ৰেপ্তাৰৰ দাবী
চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে এগৰাকী অধিবক্তাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভানেত্ৰী তথা অধিবক্তা অনিন্দিতা দাসক চক্ৰ বিষয়াৰ নেতৃত্বত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অভিযোগ অনুসৰি, এটা গোচৰৰ শুনানিৰ তাৰিখত উপস্থিত থাকিবলৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈছিল অধিবক্তা অনিন্দিতা দাস। সেই সময়তে কাৰ্যালয়ৰ ভিতৰত দুৱাৰ বন্ধ কৰি, কৰ্মচাৰীৰ উপস্থিতিতে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হয় বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাত চক্ৰ বিষয়াৰ লগতে আন কেইবাগৰাকীও ব্যক্তি জড়িত থকা বুলি অভিযোগ কৰা হৈছে।
চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে এগৰাকী অধিবক্তাৰ সৈতে এনে ঘটনা সংঘটিত হ’বলৈ পোৱা পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰিছে অভিযোগকাৰী পক্ষই। চৰকাৰী বিষয়াৰ উপস্থিতিত কাৰ্যালয়ৰ ভিতৰতে এনে নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগে প্ৰশাসনিক ব্যৱস্থাৰ নিৰাপত্তা আৰু দায়বদ্ধতাক লৈও বিতৰ্কৰ সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই পোষ্ট কৰিলে এই বিশেষ ভিডিঅ’
ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত ব্যক্তিসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি অভিযোগত নাম সাঙোৰ খোৱা প্ৰতিগৰাকী ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই সচেতন মহেল ।
এতিয়া এই ঘটনাৰ সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব। অৱশ্যে, অভিযোগসমূহৰ সত্যতা তদন্তৰ পাছতহে স্পষ্ট হ’ব।
