নলবাৰীৰ বালিতাৰাত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ যুৱক-যুৱতীৰ মৃতদেহ, অঞ্চলজুৰি চাঞ্চল্য । Nalbari

নলবাৰীৰ বালিতাৰাত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ যুৱক-যুৱতীৰ মৃতদেহ, অঞ্চলজুৰি চাঞ্চল্য । Nalbari

Nalbari । নলবাৰী জিলাৰ বালিতাৰা অঞ্চলত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বালিতাৰাৰ নতুন গোসাঁইঘৰৰ ওচৰত এঘৰ লোকৰ বাহনীত গছত ওলমি থকা অৱস্থাত এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাইজক স্তম্ভিত কৰি তুলিছে।

স্থানীয় সূত্ৰৰ মতে, আজি পুৱাৰ ভাগত চুবুৰীৰ কেইবাজনো লোকে গছ এডালত দুটা মৃতদেহ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে আৰু বহু লোক ঘটনাস্থলীত সমবেত হয়।

পিছত গাঁওবাসীয়ে মৃতদেহ দুটা চিনাক্ত কৰে। মৃত যুৱকজন বালিতাৰা গাঁৱৰ উজ্জ্বল কলিতা (২২) আৰু মৃত যুৱতীগৰাকী ৰঙাফালি গাঁৱৰ নিশা কলিতা (১৬) বুলি জানিব পৰা গৈছে।

প্ৰাথমিকভাৱে ঘটনাটো প্ৰেমজনিত কাৰণত সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু বিভিন্ন দিশৰ পৰা ঘটনাটোৰ অনুসন্ধান চলাই আছে।

ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top