চাপৰ পৌৰ সভাত ৰাজনৈতিক ধুমুহা, পৌৰপতি-উপ পৌৰপতিক তিনিদিনৰ ভিতৰত পদত্যাগৰ নিৰ্দেশ ।BJP

চাপৰ পৌৰ সভাত ৰাজনৈতিক ধুমুহা, পৌৰপতি-উপ পৌৰপতিক তিনিদিনৰ ভিতৰত পদত্যাগৰ নিৰ্দেশ ।BJP

BJP । চাপৰ পৌৰ সভাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক চাঞ্চল্য। চাপৰ পৌৰ সভাৰ পৌৰপতি বিউটি ৰায় আৰু উপ পৌৰপতি অৰুণ কুমাৰ নাগ ওৰফে মনা নাগক তিনিদিনৰ ভিতৰত পদত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

জানিব পৰা মতে, পৌৰ সভাৰ ৫ গৰাকী ৱাৰ্ড আয়ুক্তই দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে বিলাসীপাৰা জিলা বিজেপি সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলা বিজেপিৰ সভাপতি দেৱজিৎ বৰকলিতাই এখন আনুষ্ঠানিক পত্ৰযোগে পৌৰপতি আৰু উপ পৌৰপতিক এই নিৰ্দেশ প্ৰেৰণ কৰে।

অভিযোগ অনুসৰি, পৌৰপতি বিউটি ৰায় আৰু উপ পৌৰপতি অৰুণ কুমাৰ নাগৰ বিৰুদ্ধে দুৰ্নীতি, বিভিন্ন অনিয়ম আৰু অৰাজকতাৰ একাধিক অভিযোগ উত্থাপিত হৈছে। এই অভিযোগসমূহক লৈ দীৰ্ঘদিন ধৰি অসন্তুষ্ট হৈ আছিল চাপৰৰ একাংশ বাসিন্দা।

স্থানীয় ৰাইজৰ অসন্তোষ আৰু দাবীক সন্মান জনাই পৌৰ সভাৰ ৫ গৰাকী ৱাৰ্ড আয়ুক্তই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতেই দলীয় নেতৃত্বই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি পদত্যাগৰ নিৰ্দেশ জাৰি কৰে।

ইফালে, এই সিদ্ধান্তক আদৰণি জনাইছে চাপৰৰ বহু বাসিন্দাই। ৰাইজৰ দাবীক গুৰুত্ব দিয়াৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি Dilip Saikia আৰু জিলা বিজেপিৰ সভাপতি Debajit Barkolitaক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজে।

এই ঘটনাই চাপৰ পৌৰ ৰাজনীতিত নতুন সমীকৰণৰ সূচনা কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top