মৰিগাঁৱত শাৰীৰিকভাৱে অক্ষম নাৱালিকাক যৌ*ন নিৰ্যাতনৰ অভিযোগ, অভিযুক্ত গ্ৰেপ্তাৰ । CRIME NEWS

মৰিগাঁৱত শাৰীৰিকভাৱে অক্ষম নাৱালিকাক যৌ*ন নিৰ্যাতনৰ অভিযোগ, অভিযুক্ত গ্ৰেপ্তাৰ । CRIME NEWS

CRIME NEWS। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰথল দলৈ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ যৌন নিৰ্যাতনৰ ঘটনা। অভিযোগ অনুসৰি, শাৰীৰিকভাৱে অক্ষম এগৰাকী নাৱালিকা কিশোৰীক বহুদিন ধৰি ভয়-ভাবুকি প্ৰদৰ্শন কৰি যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছে এজন ব্যক্তিৰ বিৰুদ্ধে।

অভিযুক্তজনক বৰথল দলৈ গাঁৱৰ বাসিন্দা নাজিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে। তেওঁ এজন সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিষয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত নাজিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তজনে শাৰীৰিকভাৱে অক্ষম নাৱালিকাগৰাকীক ভয়-ভাবুকি প্ৰদৰ্শন কৰি দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top