Amritprava Mahanta। লকআপতেই পাৰ হ’ল অমৃতপ্ৰভা মহন্তৰ জন্মদিন — সপোন অপূৰ্ণ, কেকৰ সলনি CID কেণ্টিনৰ ভাত-তৰকাৰী Amritprava Mahanta

জুবিন গাৰ্গ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জীৱনত অহা জন্মদিনটো এসময়ত আনন্দৰ উৎসৱ আছিল। কিন্তু এইবাৰ সেই আনন্দত ছাঁ পৰিছে CIDৰ লকআপৰ আঁৰত। পৰিয়ালৰ সৈতে কেক কাটিবলৈ মন মেলিছিল অমৃতপ্ৰভাই, কিন্তু CIDৰ অনুমতি নাপায়েই অপূৰ্ণ হৈ ৰ’ল সেই সপোন।

সূত্ৰই জানায়, জন্মদিন উপলক্ষে পৰিয়ালে অনুমতি বিচাৰিছিল CID কৰ্তৃপক্ষৰ ওচৰত, কিন্তু সুৰক্ষা আৰু তদন্তৰ স্বার্থত অনুমতি প্ৰদান কৰা হোৱা নাছিল। ফলস্বৰূপে, লকআপতেই CID কেণ্টিনৰ ৰুটি, ভাত আৰু তৰকাৰীৰে দিনটো পাৰ কৰিলে অমৃতপ্ৰভাই।

