কাছাৰত গ্ৰেপ্তাৰ আন এজন ভুৱা চিকিৎসক। Fake Doctor

কাছাৰত গ্ৰেপ্তাৰ আন এজন ভুৱা চিকিৎসক। Fake Doctor

Fake Doctor । এইবাৰ সোণাইৰ পৰা আন এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোণাইৰ ৰাঙ্গিৰঘাটৰ আৰফাজ মেডিকেল হলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডাঃ ৰৌশন আলী নামৰ এজন ভুৱা চিকিৎসকক।

জানিব পৰা মতে, ৰৌশন আলীয়ে দীৰ্ঘদিন ধৰি সোণাই বিধানসভাৰ হাতীখাল, কচুদৰম, সোণাই বজাৰকে ধৰি কেইবাটাও অঞ্চলত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে যদিও তেওঁৰ কোনো বৈধ যোগ্যতা নাই। অৱশেষত উত্তৰ মোহনপুৰ সপ্তম খণ্ডৰ বাসিন্দা ভুৱা চিকিৎসক ৰৌশন আলীক সোনাই আৰক্ষীয়ে ধৰিলে।

শুকুৰবাৰে সন্ধিয়া সোণাই-মতিনগৰ পূর্ত পথৰ ৰাঙ্গিৰঘাট প্ৰথম খণ্ড এলেকাৰ আৰফাজ মেডিকেল হলৰ পৰা সোণাই আৰক্ষীয়ে ৰঙা হাতেৰে ধৰে। তেওঁক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। শিলচৰৰ পৰা আফজল হোসেন বড়ভূঁইয়াৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top